কোকৰাঝাৰ, ৬ নৱেম্বৰঃ ভূমি পট্টা আবণ্টন আৰু নামজাৰিৰ ক্ষেত্ৰত প্ৰিমিয়ামৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে (BTC)। শুকুৰবাৰে কোকৰাঝাৰত মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

বৈঠকৰ পাছত হাগ্ৰামা মহিলাৰীয়ে জানিবলৈ দিয়ে যে যিসকল লোকৰ নিজৰ নামত মাটিৰ পট্টা নাই, তেওঁলোকক পট্টা প্ৰদানৰ কাম চলি আছে। ভূমিহীন লোকসকলৰ বাবে পূৰ্বে ১,০০০ বা ২৫,০০০ টকা প্ৰিমিয়াম নিৰ্ধাৰণক লৈ সৃষ্টি হোৱা সমস্যাৰ সংশোধন কৰা হৈছে। এতিয়াৰে পৰা ভূমিহীন লোকসকলে মাটিৰ পট্টা লাভৰ বাবে মাত্ৰ ১০১ টকা প্ৰিমিয়াম দিব লাগিব।

তেওঁৰ মতে, এতিয়ালৈকে ৮,০০০ৰো অধিক ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰা হৈছে। আনহাতে, প্ৰায় ৪,০০০ লোকৰ পট্টা প্ৰদানৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে। পট্টা নথকা লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত মাটি আবণ্টন দিয়াৰ কথাও তেওঁ উল্লেখ কৰে।

ইফালে, ইতিমধ্যে মাটিৰ পট্টা থকা লোকে নতুনকৈ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰতো প্ৰিমিয়ামৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে BTC-য়ে। এই বিষয়টো পৰ্যালোচনা কৰিবলৈ এখন কমিটী গঠনৰ সিদ্ধান্ত লোৱা হৈছে।

হাগ্ৰামা মহিলাৰীয়ে কয় যে সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে মাটি ক্ৰয়-বিক্ৰয়ৰ অনুমতি আৰু প্ৰিমিয়ামৰ হাৰ অঞ্চলটোৰ জ'নভিত্তিক মূল্যৰ ওপৰত নিৰ্ভৰ কৰিব। বৰ্তমান সাধাৰণ শ্ৰেণীৰ বাবে ২৫,০০০ টকা প্ৰিমিয়াম নিৰ্ধাৰণ কৰা আছে। এই হাৰ হ্ৰাস কৰাৰ বাবে কমিটীয়ে পৰ্যালোচনা কৰিব।

তেওঁ লগতে কয় যে সাধাৰণ শ্ৰেণীৰ বাবে প্ৰিমিয়াম ২৫,০০০ টকা হ’লে অনুসূচিত জনজাতিৰ লোকৰ বাবে ইয়াৰ ৫০ শতাংশ, অৰ্থাৎ প্ৰায় ১২,৫০০ টকা হ’ব। এই সন্দৰ্ভত পৰৱৰ্তী ১৫ৰ পৰা ২০ দিনৰ ভিতৰত সিদ্ধান্ত চূড়ান্ত কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ জানিবলৈ দিয়ে।