ডিব্ৰুগড়, ৬ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ Intermediate Tank Farm (ITF)-ত শুকুৰবাৰে পুৱা সংঘটিত ভয়ংকৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ডত এজন কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে আন ছয়জন লোক আহত হয়। পুৱা প্ৰায় ৯.০৫ বজাত খাৰুৱা তেল সংৰক্ষণ কেন্দ্ৰটোত এই দুৰ্ঘটনা সংঘটিত হয়।
প্ৰাৰম্ভিক তথ্য অনুসৰি, ITF চৌহদত কৰ্মীসকলে কাৰিকৰী আৰু ৰক্ষণাবেক্ষণৰ কাম কৰি থকাৰ সময়তে এটা ভালভৰ কাম চলি আছিল। সেই সময়তে হঠাৎ বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ পাছতে খাৰুৱা তেল সংৰক্ষণ কৰা অংশত জুই লাগে। প্ৰচণ্ড জোকাৰণিত কৰ্মচাৰীসকল দূৰলৈ ছিটিকি পৰা বুলিও প্ৰাৰম্ভিক প্ৰতিবেদনত প্ৰকাশ পাইছে।
এই ঘটনাত মৃত্যু হোৱা লোকজন টেঙাখাতৰ বৰদলঙনি গাঁৱৰ ৰাজু দত্ত। তেওঁ অইল ইণ্ডিয়াৰ অধীনত কাম কৰা Spectron Engineers Private Limited নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আছিল।
আহত ছয়জনৰ ভিতৰত পাঁচজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁলোক হৈছে শৈলেন গগৈ (৪৫), তপস গগৈ (৪০), কুমুদ গগৈ (৩৮), গোলাপ দত্ত (৫৮) আৰু ইন্দ্ৰ গগৈ (৪০)। আন এজন আহতক অইল ইণ্ডিয়া হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলীৰ ওচৰৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰে প্ৰশাসনে। অইল ইণ্ডিয়াৰ অগ্নিনিৰ্বাপক বাহিনী আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ কৰ্মীসকলে কেইবাখনো অগ্নিনিৰ্বাপক বাহনৰ সহায়ত জুই নিৰ্বাপণৰ অভিযান চলায়।
ঘটনাৰ পাছতে অইল ইণ্ডিয়াৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু অগ্নিনিৰ্বাপণ অভিযানৰ তদাৰক কৰে। প্ৰতিষ্ঠানটোৱে বিস্ফোৰণৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে ভালভৰ কাম চলি থকাৰ সময়তে বিস্ফোৰণ কেনেদৰে সংঘটিত হ’ল, সেয়া এতিয়াও আনুষ্ঠানিকভাৱে স্পষ্ট হোৱা নাই।