কোকৰাঝাৰ, ৬ নৱেম্বৰঃ নতুনকৈ পৃথক বড়োলেণ্ডৰ দাবীত আন্দোলন আৰম্ভ কৰাৰ প্ৰস্তাৱক বৰ্তমান সময়ত সম্পূৰ্ণ সমৰ্থন আগবঢ়াব নোৱাৰে বুলি স্পষ্ট কৰিছে বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে।

শুকুৰবাৰে কোকৰাঝাৰত অনুষ্ঠিত বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি মহিলাৰীয়ে কয় যে নতুনকৈ আন্দোলন আৰম্ভ হ’লে যুৱ প্ৰজন্মৰ জীৱন আৰু ভৱিষ্যতৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। লগতে বড়ো আৰু অনাবড়ো জনগোষ্ঠীৰ মাজত পুনৰ উত্তেজনা আৰু সংঘাতৰ সৃষ্টি হোৱাৰ আশংকাও প্ৰকাশ কৰে তেওঁ।

মহিলাৰীয়ে স্পষ্ট কৰে যে বৰ্তমান সময়ত নতুন আন্দোলনক সম্পূৰ্ণ সমৰ্থন কৰিব নোৱাৰাৰ অৰ্থ বড়োলেণ্ডৰ দাবীৰ বিৰোধিতা কৰা নহয়। বিপিএফে এই দাবী প্ৰত্যাখ্যান কৰা নাই বা পৰিত্যাগ কৰা নাই। কিন্তু বৰ্তমানৰ পৰিস্থিতি নতুন আন্দোলনৰ বাবে অনুকূল নহয় বুলি তেওঁ মত প্ৰকাশ কৰে।