শিলচৰ, ৭ নৱেম্বৰঃ বৰাক উপত্যকাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠ স্থাপনৰ দাবী পুনৰ উত্থাপন কৰি শনিবাৰে শিলচৰত প্ৰতিবাদ সাব্যস্ত কৰে অধিবক্তা, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে। ১৯৭২ চনৰ পৰাই অঞ্চলটোত উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ স্থাপনৰ দাবী উত্থাপিত হৈ আহিছে।

শিলচৰ জিলা আদালতৰ অধিবক্তাসকলে অসম ৰাজ্যপাললৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰি শিলচৰত উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ স্থাপনৰ দাবী জনোৱাৰ পিছতে আন্দোলনৰ নতুন পৰ্যায় আৰম্ভ হয়। পূৰ্বে চৰকাৰী প্ৰতিনিধিত্ব আৰু স্মাৰক-পত্ৰৰ মাজতে সীমাবদ্ধ থকা এই দাবীৰ প্ৰতি এতিয়া ছাত্ৰ-ছাত্ৰী, সাংস্কৃতিক কৰ্মী আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়েও সমৰ্থন আগবঢ়াইছে।

শনিবাৰে প্ৰতিবাদকাৰীসকলে প্ৰথমে শিলচৰত স্বাধীনতা সংগ্ৰামী ক্ষুদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ সমীপত সমবেত হয়। তাত তেওঁলোকে ৰাইজক সম্বোধন কৰি বৰাক উপত্যকাত উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ স্থাপনৰ দাবী পুনৰ দোহাৰে।

ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে কাছাৰ জিলাৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়লৈ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। জিলা দণ্ডাধীশৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰি কোনো পলম নকৰাকৈ শিলচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ স্থাপনৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।

প্ৰতিবাদকাৰীসকলে প্ৰশ্ন কৰে যে চুবুৰীয়া ৰাজ্যসমূহত একেধৰণৰ ন্যায়িক সুবিধা থকাৰ পিছতো বৰাক উপত্যকাক কিয় এনে সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁলোকৰ মতে, শিলচৰত খণ্ড বিচাৰপীঠ স্থাপন হ’লে অঞ্চলটোৰ লোকসকলৰ বাবে ন্যায় লাভৰ পথ অধিক সহজ হ’ব।

১৯৭২ চনৰ পৰা চলি অহা এই দাবী পূৰণ নোহোৱাত বৰাক উপত্যকাৰ অধিবক্তা সমাজৰ লগতে বিভিন্ন মহলে পুনৰ আন্দোলন তীব্ৰতৰ কৰাৰ ইংগিত দিছে।