ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত চোৰৰ উপদ্ৰৱে আতংকৰ সৃষ্টি কৰিছে। ডিমাকুছি, আটাৰীখাট, বামুনজুলি আৰু বৰঙ্গাজুলিকে ধৰি বিভিন্ন অঞ্চলত ধাৰাবাহিক চুৰিৰ ঘটনাই সাধাৰণ লোকৰ নিদ্ৰা হৰিছে।

কেতিয়াবা দিনৰ পোহৰতে বাইক, গৰু আৰু ম’বাইল ফোন চুৰি হোৱাৰ বিপৰীতে কেতিয়াবা নিশা বিদ্যালয়ত প্ৰৱেশ কৰি লুটপাত চলাইছে চোৰৰ দলে।

শুকুৰবাৰে নিশা ডিমাকুছিৰ শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হয় চুৰিৰ ঘটনা। চোৰৰ দলে বিদ্যালয়ৰ গেটৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ লগতে অধ্যক্ষৰ কাৰ্যালয়কে ধৰি কেইবাটাও কোঠাৰ দুৱাৰৰ তলা ভাঙে। তাৰ পাছত কোঠাসমূহৰ পৰা প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে।

চুৰি হোৱা সামগ্ৰীৰ ভিতৰত আছে দুটাকৈ ইনভাৰ্টাৰৰ বেটাৰী, চিচিটিভিৰ মনিটৰসহ বহু মূল্যৱান সামগ্ৰী। বিদ্যালয়খনৰ পৰা এনেদৰে সামগ্ৰী চুৰি হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইয়াৰ পূৰ্বেও ডিমাকুছিত চুৰিৰ কেইবাটাও ঘটনা সংঘটিত হৈছে। কেইদিনমান পূৰ্বে সন্ধিয়াৰ সময়তে এগৰাকী বৃদ্ধা মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছে। আনহাতে, ডিমাকুছিৰ মাজমজিয়াৰ পৰাই বিগত সময়ছোৱাত কেইবাখনো দুচকীয়া বাহন চুৰি হৈছে।

আৰক্ষীৰ উপস্থিতি থকা ডিমাকুছিৰ মাজমজিয়াতো বাইক চোৰ আৰু চিলনী চোৰে এনেদৰে উপদ্ৰৱ চলোৱাত নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। অঞ্চলবাসীয়ে চুৰিৰ ঘটনাসমূহ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।