শিৱসাগৰ, ৭ নৱেম্বৰ: ঐতিহাসিক যমুনাৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে শনিবাৰে পুৱাৰে পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ ধাৰাবাহিক প্ৰতিবাদ আৰু দাবীৰ পাছত এই অভিযান আৰম্ভ হৈছে।

যমুনাৰ ভূমিত নিৰ্মাণ কৰা বাসগৃহ, শৌচাগাৰ, দেৱাল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰশাসনৰ অভিযানৰ পূৰ্বেই একাংশ পৰিয়ালে নিজাববীয়াকৈ ঘৰ আৰু শৌচাগাৰৰ দেৱাল ভাঙিবলৈ আৰম্ভ কৰিছে বুলি আটাছুৰ সভাপতি বসন্ত গগৈয়ে জনাইছে।

আটাছুৰ দাবী অনুসৰি, যমুনাৰ মুঠ ভূমিৰ পৰিমাণ ১২০ বিঘা ১ কঠা ৯ লোচা। ইয়াৰে প্ৰায় ৪০ বিঘা ভূমি বিভিন্ন ধৰণে বেদখল কৰা হৈছে। যমুনাৰ প্ৰতিটো বেদখল সম্পূৰ্ণৰূপে উচ্ছেদ নোহোৱালৈ সংগঠনটোৰ আন্দোলন অব্যাহত থাকিব বুলি আটাছুৰ সভাপতি বসন্ত গগৈয়ে স্পষ্ট কৰি দিয়ে।

কেৱল আংশিক উচ্ছেদেৰে আন্দোলন সামৰি লোৱা নহ'ব। যমুনাৰ সম্পূৰ্ণ ভূমি বেদখলমুক্ত কৰিব লাগিব বুলি আটাছুৱে দাবী জনাইছে।

পুনৰ বেদখল ৰোধৰ বাবে যমুনাৰ দুয়োপাৰে গাৰ্ডৱাল নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈও সংগঠনটোৱে চৰকাৰক আহ্বান জনাইছে। এই কামৰ বাবে প্ৰয়োজনীয় পুঁজি আৱণ্টন কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছে আটাছুৱে।

যমুনাৰ উচ্ছেদ অভিযান সম্পূৰ্ণ হোৱাৰ পাছত তলাতল ঘৰৰ মাটি বেদখলমুক্ত কৰা আৰু ১৭৪ বিঘা ভূমিৰ পট্টা বাতিলৰ দাবীত পৰৱৰ্তী কাৰ্যসূচী লোৱা হ'ব বুলি সংগঠনটোৱে জনাইছে। ৰংঘৰ, ৰংগনাথ শিৱদৌল, জয়মতী স্মৃতিসৌধ আৰু কাৰেংঘৰৰ চৌহদত নিৰ্মাণ কৰা বুলি অভিযোগ উঠা ঘৰসমূহ আঁতৰোৱাৰ দাবীও উত্থাপন কৰা হৈছে।

স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল আৰু বৰপুখুৰীৰ কাষে কাষে যমুনা খন্দোৱা হৈছিল বুলি ঐতিহাসিক প্ৰসংগত উল্লেখ আছে। এই ঐতিহাসিক জলপথৰ সংৰক্ষণ আৰু বেদখলমুক্তকৰণৰ দাবীক লৈ দীৰ্ঘদিন ধৰি সৰৱ হৈ আহিছে আটাছু।