কলকাতা, ৭ নৱেম্বৰঃ তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ বাসগৃহত আক্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি পশ্চিমবংগৰ ৰাজনীতিত নতুনকৈ উত্তেজনাৰ সৃষ্টি হৈছে। এই ঘটনাক লৈ বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাইছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে। একে সময়তে কলকাতাৰ কালিঘাটত কালীপূজাৰ আয়োজনত বাধা দিয়াৰো অভিযোগ উত্থাপন কৰিছে তেওঁ।

অভিষেক বেনাৰ্জীৰ বাসগৃহ পৰিদৰ্শন কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত মমতা বেনাৰ্জীয়ে কয়, “আপোনালোকৰ কিমানখন বুলড’জাৰ আছে? আহক, মই আপোনালোকৰ সন্মুখতে থিয় হৈ আছোঁ। মোৰ শৰীৰৰ ওপৰেৰে, বুকুৰ ওপৰেৰে বুলড’জাৰ চলাই দেখুৱাওক।” বিজেপিক উদ্দেশ্যি তেওঁ এই মন্তব্য কৰে।

অভিষেক বেনাৰ্জীয়ে অভিযোগ কৰা মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত কালিঘাট ৰোডত থকা তেওঁৰ বাসগৃহত বিজেপি সমৰ্থিত দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলায়। এই ঘটনাক জীৱনৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰি অভিষেকে দাবী কৰে যে বিগত ছমাহত তেওঁৰ ওপৰত এয়া সপ্তমটো আক্ৰমণৰ চেষ্টা।

ইফালে, কালিঘাটত দীৰ্ঘদিন ধৰি অনুষ্ঠিত হৈ অহা কেইবাখনো কালীপূজাৰ অনুমতি বাতিল কৰা হৈছে বুলি অভিযোগ কৰে মমতা বেনাৰ্জীয়ে। বিপৰীতে, নতুনকৈ আয়োজন কৰা এখন পূজাক মূল পথত অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছে বুলিও তেওঁ দাবী কৰে। স্থানীয় ক্লাবসমূহকো নিজৰ কাৰ্যকলাপ চলোৱাত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰি কালীপূজা আৰু দীপাৱলীৰ পূৰ্বে উৎসৱ উদযাপনত এনে বাধাৰ কাৰণক লৈ প্ৰশ্ন তোলে মমতাই।