আহমেদাবাদ: নিজৰ মূৰৰ ওপৰৰ ছাদখন বিক্ৰী কৰি পোৱা ৯.৫ লাখ টকা জমা দিছিল এটা ম'বাইল এপত। সময়ৰ লগে লগে সেই ধন ৫০ লাখ টকালৈ বৃদ্ধি পোৱা দেখিছিল এগৰাকী শিক্ষয়িত্ৰীয়ে। কিন্তু এয়া আছিল কেৱল এপৰ পৰ্দাত দেখা এক অংক। ধন উলিয়াবলৈ চেষ্টা কৰাৰ সময়ত তেওঁ দেখিলে, এপটো ইতিমধ্যে বন্ধ হৈ পৰিছে। জীৱনৰ সাঁচতীয়া ধন হেৰুৱাই দিশহাৰা হ'ল ৪৮ বছৰীয়া শিক্ষয়িত্ৰীগৰাকী। গুজৰাটৰ SD Pay বা Apna Pay নামৰ এপটোক কেন্দ্ৰ কৰি চলা বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগৰ তদন্তত পোহৰলৈ আহিছে এনে বহু চাঞ্চল্যকৰ তথ্য।
আমৰেলি চাইবাৰ অপৰাধ শাখাৰ তদন্ত অনুসৰি, SD Pay বা Apna Pay নামৰ ম'বাইল এপটো ২০২৪ চনত বিল পৰিশোধ আৰু ম'বাইল ৰিচাৰ্জৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী সময়ত এপটোত ধন বিনিয়োগ কৰিলে বিনিয়োগৰ পৰিমাণ অনুসৰি দৈনিক ০.১৫ৰ পৰা ০.৩০ শতাংশ পৰ্যন্ত সুদ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হয়। আৰম্ভণিতে একাংশ বিনিয়োগকাৰীক ধন ঘূৰাই দিয়াত বহু লোকৰ মাজত এপটোৰ প্ৰতি বিশ্বাস গঢ় লৈ উঠিছিল।
কিন্তু আৰক্ষীৰ অভিযোগ অনুসৰি, বিনিয়োগকাৰীক সুদ দিব পৰাকৈ কোম্পানীটোৰ উৎপাদন, বিক্ৰী বা সেৱাৰ পৰা কোনো উপাৰ্জন নাছিল। নতুনকৈ যোগদান কৰা লোকৰ পৰা সংগ্ৰহ কৰা ধনেৰেই পুৰণি বিনিয়োগকাৰীক সুদ দিয়া হৈছিল। অৰ্থাৎ, এই ব্যৱস্থাৰ মূল ভেটি আছিল নতুন সদস্য যোগ কৰা আৰু তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰা। প্ৰায় ১৫ লাখ লোকে এপটো ডাউনলোড কৰিছিল যদিও, তেওঁলোকৰ কিমানজনে প্ৰকৃততে ধন বিনিয়োগ কৰিছিল, সেই তথ্য তদন্তকাৰীয়ে প্ৰকাশ কৰা নাই।
নতুন সদস্য যোগ দিয়াৰ ব্যৱস্থাটোৱে এই জাল অধিক বিস্তৃত কৰাত সহায় কৰিছিল। নতুন সদস্য আনিব পাৰিলে ওপৰৰ স্তৰত থকা লোকসকলক ৩০ শতাংশ পৰ্যন্ত ধন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। আনহাতে, তলৰ বিভিন্ন স্তৰতো কম হাৰত ধন দিয়াৰ ব্যৱস্থা আছিল। আৰক্ষীৰ ভাষ্য অনুসৰি, ছুৰাটৰ এজন ব্যক্তিয়ে মাত্ৰ ১,০০০ টকা জমা দি এক কোটি টকা উপাৰ্জন কৰিছিল। তেওঁৰ অধীনত প্ৰায় ১.৬ লাখ বিনিয়োগকাৰীৰ এটা বৃহৎ নেটৱৰ্ক গঢ় লৈ উঠিছিল। আনহাতে, শিক্ষয়িত্ৰীগৰাকীৰ জৰিয়তেও তেওঁৰ চিনাকি মহলৰ ৩১গৰাকী লোকে ধন বিনিয়োগ কৰিছিল।
নতুনকৈ ধন অহাৰ পৰিমাণ কমি অহাৰ লগে লগে ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা দৈনিক সুদ দিয়াও বন্ধ হ'বলৈ ধৰে। অভিযোগ অনুসৰি, ১৫ লাখ টকাৰ অধিক ধন জমা ৰখা একাংশ বিনিয়োগকাৰীক নগদ ধনৰ পৰিৱৰ্তে কোম্পানীৰ অংশীদাৰিত্ব ল'বলৈ হেঁচা দিয়া হৈছিল। শ্বেয়াৰ বজাৰত কোম্পানীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত এই অংশীদাৰিত্বৰ মূল্য বৃদ্ধি পাব বুলিও তেওঁলোকক কোৱা হৈছিল। কিন্তু তদন্তকাৰীৰ মতে, এই অংশীদাৰিত্বৰ মূল্য কেৱল কাগজে-পত্ৰেহে আছিল। কোম্পানীসমূহে কোনো বাস্তৱ ব্যৱসায়িক মূল্য সৃষ্টি কৰা নাছিল।
২ ছেপ্টেম্বৰত আমৰেলি চাইবাৰ অপৰাধ শাখাই আঁচনিটোৰ প্ৰচাৰক, পৰিচালক আৰু আন অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। এতিয়ালৈকে মুঠ ১৮খন এজাহাৰ (FIR) দাখিল হৈছে, ইয়াৰে ১৩খন গুজৰাটত। আৰক্ষীয়ে জনোৱা মতে, এই গোচৰসমূহৰ সৈতে জড়িত ১২জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। BUDS আইন, তথ্য-প্ৰযুক্তি আইন আৰু প্ৰতাৰণাকে ধৰি বিভিন্ন ধাৰাত তদন্ত অব্যাহত আছে।
তদন্তৰ ক্ষেত্ৰত এতিয়াও এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ স্পষ্ট হোৱা নাই। যিসকল লোকে নিজে ধন বিনিয়োগ কৰাৰ লগতে আন লোককো এই আঁচনিত যোগ দিছিল আৰু নতুন সদস্যৰ পৰা ধন লাভ কৰিছিল, তেওঁলোকক সকলো ক্ষেত্ৰতে ভুক্তভোগী হিচাপে গণ্য কৰা হ'ব নে অভিযুক্তৰ সহযোগী হিচাপে বিবেচনা কৰা হ'ব, সেয়া এতিয়াও নিৰ্ধাৰিত হোৱা নাই।
আনহাতে, মুঠ কিমান ধন জব্দ কৰা হৈছে, কিমানগৰাকী ভুক্তভোগীয়ে নিজৰ মূল জমা ধন ঘূৰাই পাব আৰু গুজৰাটৰ বাহিৰতো এই আঁচনি কিমানদূৰ বিস্তৃত হৈছিল, সেই সন্দৰ্ভতো তদন্তকাৰীয়ে এতিয়ালৈকে স্পষ্ট তথ্য প্ৰকাশ কৰা নাই। উপলব্ধ প্ৰতিবেদনত অসমৰ কোনো বিনিয়োগকাৰী বা ইয়াত ৰুজু হোৱা এজাহাৰৰ তথ্য উল্লেখ কৰা হোৱা নাই। তদন্তৰ পৰৱৰ্তী পৰ্যায়ত ধনৰ লেনদেনৰ পথ অনুসৰণ কৰা আৰু সম্পত্তি উদ্ধাৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব।