ছাত্ৰসকলৰ প্ৰতিবাদক লৈ অভিনেতা প্ৰকাশ ৰাজে কেৰালাৰ কংগ্ৰেছ চৰকাৰ আৰু শিক্ষা মন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে। ছাত্ৰসকলে কিয় প্ৰতিবাদ কৰিছে সেয়া বুজি তেওঁলোকৰ লগত আলোচনা কৰি সমস্যাৰ সমাধানৰ চেষ্টা চলাবলৈ শিক্ষা মন্ত্ৰীক আহ্বান জনায় অভিনেতাগৰাকীয়ে।
প্ৰকাশ ৰাজে কয়, আদালতে ছাত্ৰসকলক পৰীক্ষাত বহিবলৈ অনুমতি দিয়াৰ পাছতো বিশ্ববিদ্যালয়খনে তেওঁলোকৰ প্ৰয়োজনীয় যোগ্যতা নাই বুলি আদালতৰ কাষ চপাটো গ্ৰহণযোগ্য নহয়। এই বিষয়ত দেশবাসী, অভিভাৱক আৰু জনসাধাৰণে লক্ষ্য ৰাখিছে বুলিও তেওঁ মন্তব্য কৰে।
“ছাত্ৰসকলৰ কাষত থিয় হওক, তেওঁলোকক পৰীক্ষাত বহিবলৈ দিয়ক আৰু ঘটনাটোৰ তদন্ত কৰক। কেৱল উপাচাৰ্যৰ পক্ষত থিয় দিয়াৰ সলনি প্ৰমাণ ক'ত আছে সেয়া দেখুৱাওক।”
তেওঁ কয় যে, শাৰীৰিকভাৱে আক্ৰমণৰ চেষ্টা আৰু শালীনতাক লৈ প্ৰশ্ন তোলাৰ দৰে অভিযোগক নাটকৰ চিত্ৰনাট্য আখ্যা দিয়া হৈছে। ছাত্ৰসকলে অনশন চলাই আছে বুলিও প্ৰকাশ ৰাজে উল্লেখ কৰে।
চিজেপি, নাগৰিক সমাজ, অভিভাৱক আৰু ছাত্ৰসকলৰ হৈ এই আচৰণৰ বিৰোধিতা কৰি তেওঁ কয় যে, দেশৰ ভৱিষ্যৎ ছাত্ৰসকলৰ ভৱিষ্যৎক লৈ খেলিব নালাগে। এই সমস্যাৰ সমাধান নোহোৱালৈকে প্ৰয়োজন হ'লে তেওঁ নিজে আহি ছাত্ৰসকলৰ লগত প্ৰতিবাদত বহিব বুলিও প্ৰতিশ্ৰুতি দিয়ে।
শেষত প্ৰকাশ ৰাজে কংগ্ৰেছ চৰকাৰক বিজেপিৰ দৰে আচৰণ নকৰিবলৈ দাবী জনায় আৰু শিক্ষা মন্ত্ৰীক ধৰ্মেন্দ্ৰ প্ৰধানৰ দৰে কিয় আচৰণ কৰিছে বুলি প্ৰশ্ন তোলে।