ঝাৰখণ্ডৰ আদিবাসী নেত্ৰী নিশা ভগতে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। মৃত্যুৰ পূৰ্বে তেওঁ ফেচবুকত লাইভ কৰি ৰাজ্য চৰকাৰ, প্ৰশাসন আৰু মাটিৰ সৈতে জড়িত একাংশ লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

‘মোৰ মৃত্যুৰ বাবে ব্যৱস্থা আৰু ভূ-মাফিয়া দায়ী’ বুলি তেওঁ লাইভত মন্তব্য কৰা বুলি *আজ তক*ৰ বাতৰিত প্ৰকাশ পাইছে। নেত্ৰীগৰাকীয়ে দাবী কৰিছিল যে তেওঁ আদিবাসী সমাজৰ অধিকাৰৰ বাবে নিৰন্তৰ মাত মাতি আহিছিল, কিন্তু প্ৰয়োজনৰ সময়ত কোনো পক্ষৰ পৰা সহায় লাভ কৰা নাছিল।

লাইভত নিশা ভগতে হেমন্ত চৰকাৰৰ সমালোচনা কৰি কয় যে চৰকাৰৰ ভুল-ত্ৰুটি উন্মোচন কৰাটো যদি অপৰাধ, তেন্তে তাৰ মূল্য তেওঁ ভুগিবলগীয়া হৈছে। তেওঁ অভিযোগ কৰে যে মাটিৰ সৈতে জড়িত একাংশ লোকে তেওঁক হাৰাশাস্তি কৰিছিল আৰু প্ৰশাসনৰ পৰাও প্ৰয়োজনীয় সহায় পোৱা নাছিল।

তেওঁৰ অভিযোগ অনুসৰি, নিজৰ নিৰাপত্তা আৰু সমস্যাৰ বিষয়ে তেওঁ কেইবাবাৰো প্ৰশাসনক অৱগত কৰিবলৈ চেষ্টা কৰিছিল। অজয় তিৰ্কিৰ নাম উল্লেখ কৰিও তেওঁ প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন তোলে।

ফেচবুক লাইভৰ সময়তে তেওঁ পিঠোৰিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে ফোনযোগে কথা পাতে। আৰক্ষীৰ কাম-কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ অভিযোগ কৰে যে তেওঁৰ ঘৰত হোৱা চুৰিৰ ঘটনাৰ অভিযুক্তকো আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাছিল। তেওঁক বদনাম কৰা লোকসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল বুলি অভিযোগ কৰে।

লাইভত তেওঁ পিতৃ-মাতৃৰ কথাও উল্লেখ কৰে। আদিবাসী সমাজৰ অধিকাৰৰ বাবে জীৱনজুৰি সংগ্ৰাম কৰা বুলি উল্লেখ কৰি তেওঁ ৰাজনৈতিক দলসমূহৰ পৰাও প্ৰয়োজনীয় সমৰ্থন লাভ নকৰাৰ কথা কয়।