পলাশবাৰী, ৮ নৱেম্বৰ: পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তৱৰ্তী নিউ জলুকপাহাম গাঁৱত মেঘালয়ে এখন নিম্ন প্ৰাথমিক বিদ্যালয় নিৰ্মাণ কৰি উদ্বোধন কৰাক লৈ স্থানীয় লোকৰ মাজত উদ্বেগ সৃষ্টি হৈছে। অসমৰ ভূখণ্ডৰ অন্তৰ্গত বুলি দাবী কৰা ভূমিত বিদ্যালয়খন নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

স্থানীয় সূত্ৰৰ মতে, ছমাহৰ ভিতৰতে বিদ্যালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি উদ্বোধন কৰা হয়। পাহাৰীয়া আৰু দুৰ্গম অঞ্চলটোৰ শিশুসকলক সহজলভ্য শিক্ষা প্ৰদানৰ উদ্দেশ্যে শ্বিলং মিছনেৰীৰ উদ্যোগত বিদ্যালয়খন স্থাপন কৰা হৈছে। বিদ্যালয়খনত মেঘালয়ৰ তিনিজন শিক্ষকক নিযুক্তি দিয়া হৈছে বুলিও স্থানীয় সূত্ৰই জনাইছে।

নিউ জলুকপাহামৰ গাঁওপ্ৰধান বিমল তাৰৈয়ে জনোৱা মতে, বিদ্যালয়খনত পঞ্চম শ্ৰেণীলৈকে শিক্ষা প্ৰদান কৰা হ'ব। অসমৰ সীমাৰ ভিতৰত বুলি দাবী কৰা অঞ্চলত মেঘালয়ে শিক্ষানুষ্ঠান স্থাপন কৰি শিক্ষক নিযুক্তি দিয়াক লৈ ভূমিৰ অধিকাৰ, প্ৰশাসনিক কৰ্তৃত্ব আৰু উন্নয়নমূলক শূন্যতাৰ বিষয়েও প্ৰশ্ন উত্থাপিত হৈছে।

দীৰ্ঘদিন ধৰি অসম-মেঘালয় সীমান্তৰ কেইবাখনো গাঁৱত শিক্ষা, স্বাস্থ্যসেৱা, পথ-যোগাযোগ আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধাৰ অভাৱ আছে বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত সীমান্ত অঞ্চলত অসম চৰকাৰৰ উন্নয়নমূলক আৰু প্ৰশাসনিক উপস্থিতি অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথাও স্থানীয় মহলে উত্থাপন কৰিছে।

জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰ বিদ্যালয়খনৰ নিৰ্মাণ আৰু পৰিচালনা, ভূমিৰ মালিকীস্বত্বৰ স্থিতি তথা প্ৰয়োজনীয় প্ৰশাসনিক অনুমতি লাভ কৰা হৈছিল নে নহয়, সেই সন্দৰ্ভতো প্ৰশ্ন উঠিছে।