গুৱাহাটী, ৮ নৱেম্বৰ: দীপাৱলীৰ পাছত নগৰখনত পৰি থকা কলগছ, ফটকাৰ আৱৰ্জনা আৰু অন্যান্য জাবৰ আঁতৰাবলৈ পুৱা প্ৰায় ৩ বজাৰ পৰা বিশেষ চাফা অভিযান আৰম্ভ কৰিব গুৱাহাটী পৌৰ নিগমে। এই অভিযানত ৩ হাজাৰৰো অধিক পৰিচ্ছন্নতা কৰ্মীক নিয়োগ কৰা হ'ব।
স্বচ্ছ কৰ্মী আৰু স্বচ্ছ সখীসকলে দীপাৱলীৰ পিছদিনা পুৱতি নিশাৰ পৰাই কাম আৰম্ভ কৰিব। পথ, বজাৰ আৰু আৱাসিক অঞ্চলসমূহ পৰিষ্কাৰ কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা লোৱা হৈছে।
গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই জনায় যে, পুৱা ৩ বজাৰ পৰা অভিযান চলোৱা হ'ব। গুৱাহাটীবাসীক পৰিষ্কাৰ দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাই তেওঁ পথত কলগছ আৰু ফটকাৰ আৱৰ্জনা পেলাই নথ'বলৈ, লগতে নলাত জাবৰ নেপেলাবলৈ অনুৰোধ জনায়।
গণেশগুৰি, পাল্টন বজাৰ আৰু ফাঁচী বজাৰৰ দৰে অঞ্চলত বিক্ৰেতাসকলে বিক্ৰী নোহোৱা কলগছ বিক্ৰীস্থলীতে এৰি থৈ যোৱাৰ ফলত আৱৰ্জনা জমা হয় বুলি মেয়ৰগৰাকীয়ে উল্লেখ কৰে। ব্যৱহাৰযোগ্য কলগছ সমূহ সংগ্ৰহ কৰি হাতীৰ খাদ্য হিচাপে ব্যৱহাৰৰ বাবে ৰাজ্যিক চিৰিয়াখানা অথবা গড়ভাঙ্গালৈ প্ৰেৰণ কৰা হ'ব। ঘৰসমূহৰ পৰাও কলগছ পোনপটীয়াকৈ সংগ্ৰহৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জনায়।
অভিযানৰ সমন্বয় আৰু তদাৰকিৰ বাবে অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু নিগমৰ অভিযন্তাসকলক দায়িত্ব দিয়া হৈছে। মেয়ৰগৰাকীয়ে বাসিন্দা, বিক্ৰেতা আৰু পৰিয়ালসমূহক দায়িত্বশীলভাৱে আৱৰ্জনা নিষ্কাশন কৰি ৰাজহুৱা স্থান পৰিষ্কাৰ ৰাখিবলৈ আহ্বান জনায়।