নতুন দিল্লী, ৮ নৱেম্বৰ, ২০২৬:
শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি ‘KING’ক লৈ নতুন বিতৰ্ক । ছবিখনৰ ‘Tu Mil Jaaye’ শীৰ্ষক গীতৰ এটা দৃশ্যত অভিনেত্ৰী দীপিকা পাডুকনে গেৰুৱা ৰঙৰ সাজ পৰিধান কৰাক লৈ আপত্তি প্ৰকাশ কৰিছে দিল্লীৰ বিজেপি বিধায়ক ৰবি নেগীয়ে। কেৱল সেয়াই নহয়, অভিনেতা শ্বাহৰুখ খানক ‘জেহাদী’ বুলিও অভিহিত কৰিছে বিধায়কগৰাকীয়ে। গীতটোৰ পৰা সংশ্লিষ্ট দৃশ্যটো আঁতৰাই নিদিলে সমগ্ৰ দেশতে প্ৰতিবাদ আৰু ছবিখন বয়কট কৰাৰ হুংকাৰ দিছে বিজেপি বিধায়ক ৰবি নেগীয়ে ।
দিল্লীৰ পটপৰগঞ্জ সমষ্টিৰ বিজেপি বিধায়ক ৰবীন্দ্ৰ সিং নেগী, যি ৰবি নেগী নামেৰে পৰিচিত, ‘Tu Mil Jaaye’ গীতটোৰ এটা দৃশ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ শ্বাহৰুখ খানক সকীয়নি দি কয় যে গীতটোৰ পৰা গেৰুৱা সাজ পৰিধান কৰা দৃশ্যটো আঁতৰাব লাগে।
নেগীৰ বক্তব্য অনুসৰি, দৃশ্যটো সলনি নকৰিলে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। ‘সনাতন ধৰ্মৰ বিৰুদ্ধে কোনো কথাই সহ্য কৰা নহ’ব’ বুলিও মন্তব্য কৰে তেওঁ।
সাক্ষাৎকাৰত বিধায়কগৰাকীয়ে শ্বাহৰুখ খানক উদ্দেশ্যি সাম্প্ৰদায়িকভাৱে আপত্তিজনক মন্তব্য কৰে। তেওঁ অভিনেতাগৰাকীক ‘জেহাদী’ বুলি অভিহিত কৰি অভিযোগ কৰে যে ভাৰতত উপাৰ্জন কৰাৰ পাছতো দেশৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰাৰ কাম কৰা হৈছে।
বিজেপি বিধায়কগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে শ্বাহৰুখ খানে গীতটোৰ পৰা গেৰুৱা সাজৰ দৃশ্যটো আঁতৰাই নিদিলে ছবিখনৰ বিৰুদ্ধে দেশজুৰি বয়কটৰ আহ্বান জনোৱা হ’ব।
তেওঁৰ মতে, গেৰুৱা ৰঙৰ ব্যৱহাৰৰ জৰিয়তে ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ চেষ্টা কৰা হৈছে। এই দৃশ্যৰ বিৰুদ্ধে সনাতনী সংগঠনসমূহেও প্ৰতিবাদ কৰিব বুলি সকীয়াই দিয়ে তেওঁ।
শ্বাহৰুখ খানৰ ৬১সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি ২ নৱেম্বৰত ‘KING’ ছবিখনৰ প্ৰথমটো গীত ‘Tu Mil Jaaye’ মুকলি কৰা হৈছিল। গীতটোত শ্বাহৰুখ খান আৰু দীপিকা পাডুকনক একেলগে নৃত্য কৰা দেখা গৈছে।
গীতটোত দীপিকাৰ গেৰুৱা ৰঙৰ পোছাকক লৈ প্ৰথমে সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হয়। পৰৱৰ্তী সময়ত বিজেপি বিধায়ক ৰবি নেগীৰ মন্তব্যই বিষয়টোক ৰাজনৈতিক বিতৰ্কৰ ৰূপ দিয়ে।
পৰিচালক সিদ্ধাৰ্থ আনন্দৰ এই ছবিখনত শ্বাহৰুখ খান, দীপিকা পাডুকন, সুহানা খান, অভিষেক বচ্চন, ৰাণী মুখাৰ্জীকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী আছে। ছবিখন ২৪ ডিচেম্বৰ, ২০২৬ত ছবিগৃহত মুক্তি পোৱাৰ কথা।