গাজিয়াবাদ, ৮ নৱেম্বৰ: উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বসুন্ধৰা আৰক্ষী চকীৰ পিছফালে ৬ নৱেম্বৰৰ নিশা সংঘটিত বিস্ফোৰণসদৃশ ঘটনাত এজন ২০ বছৰীয়া ডেলিভাৰী কৰ্মী আহত হৈছে। ঘটনাটোত আৰক্ষী চকীটোৰ দুখন খিৰিকীৰ কাঁচ ভাঙি যোৱাৰ লগতে দেৱালত ফাট মেলিছে।
ইন্দিৰাপুৰম থানা এলেকাৰ আৰক্ষী চকীটোত নিশা প্ৰায় ৯ বজাত ঘটনাটো সংঘটিত হয়। সেই সময়ত এজন উপ-পৰিদৰ্শক আৰু খাদ্য যোগান দিবলৈ অহা এজন ডেলিভাৰী কৰ্মী তাত উপস্থিত আছিল। ভগা কাঁচৰ টুকুৰা লাগি কৰ্মীগৰাকীৰ মূৰত আঘাত লাগে আৰু তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ কোনো লোক আহত হোৱা নাই।
ঘটনাৰ পাছতে ‘গাজি ২’ নামৰ এক্স একাউণ্ট এটাৰ পৰা তেহৰিক-উল-মুজাহিদিন হিন্দুস্তানৰ নামত ঘটনাটোৰ দায় স্বীকাৰ কৰাৰ দাবী কৰা হয়। পোষ্টটোত গাজিয়াবাদ আৰক্ষীক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ দাবীৰ লগতে চৰকাৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথাও উল্লেখ কৰা হৈছে। ভৱিষ্যতে আন আক্ৰমণৰ ভাবুকিও দিয়া হৈছে। অৱশ্যে একাউণ্টটোৰ সৈতে কোনো সংগঠনৰ সম্পৰ্ক বা ঘটনাটোৰ সৈতে পোষ্টটোৰ যোগসূত্ৰ আৰক্ষীয়ে নিশ্চিত কৰা নাই।
উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদবিৰোধী শাখা, বোমা নিষ্ক্ৰিয়কৰণ দল আৰু ফৰেনছিক বিশেষজ্ঞৰ দলে ঘটনাস্থলী পৰিদৰ্শন কৰিছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থা, দিল্লী আৰক্ষীৰ বিশেষ চেল, বিশেষ টাস্ক ফ’ৰ্চ আৰু চোৰাংচোৱা ব্যুৰোৰ বিষয়াসকলেও ঘটনাস্থলীলৈ যায়। ফৰেনছিক নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে আগ্ৰালৈ প্ৰেৰণ কৰাৰ লগতে চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে।
প্ৰাথমিক পৰীক্ষাত ঘটনাস্থলীত বিস্ফোৰক পদাৰ্থ, বাৰুদ বা ৰাসায়নিক অৱশিষ্টৰ কোনো চিন পোৱা হোৱা নাই বুলি আৰক্ষীৰ উদ্ধৃতি দি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আৰক্ষীৰ প্ৰাথমিক সন্দেহ অনুসৰি, দীপাৱলীৰ আতচবাজী উৰি আহি আৰক্ষী চকীটোৰ এ চি ইউনিটত পৰাৰ ফলতো ঘটনাটো ঘটিব পাৰে। কিন্তু পৰিকল্পিত আক্ৰমণৰ সম্ভাৱনাও নুই কৰা হোৱা নাই।
বসুন্ধৰা আৰক্ষী চকীৰ পিছফালে হোৱা বিস্ফোৰণত এজন ডেলিভাৰী কৰ্মী সামান্য আহত হৈছে। প্ৰয়োজনীয় তথ্য-প্ৰমাণ সংগ্ৰহ কৰি সকলো দিশ চালি-জাৰি চাই তদন্ত চলোৱা হৈছে বুলি গাজিয়াবাদৰ আৰক্ষী আয়ুক্ত জে ৰবীন্দ্ৰ গৌড়ে জনায়।
বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। পূৰ্বে উত্তৰ প্ৰদেশত আৰক্ষী বিষয়া আৰু নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি আক্ৰমণৰ পৰিকল্পনা কৰা এক সন্দেহজনক গোটৰ সন্ধান পোৱা গৈছিল। সেই ঘটনাৰ সৈতে ইয়াৰ কোনো যোগসূত্ৰ আছে নে নাই, সেয়াও তদন্তকাৰী সংস্থাই পৰীক্ষা কৰি আছে।