কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘দিমাগী নক্সাল’ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দলটোৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয়, প্ৰধানমন্ত্ৰী স্পষ্টভাৱেই হতাশ, অস্থিৰ আৰু ব্যাকুল হৈ পৰিছে; তেওঁৰ ‘টালি-টোপোলা বন্ধাৰ সময়’ দ্ৰুতগতিত ওচৰ চাপিছে।

ছত্তীশগড়ৰ বস্তাৰত চিআৰপিএফৰ শিবিৰত নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰি মোদীয়ে কয় যে, সশস্ত্ৰ নক্সালবাদীসকল অৰণ্যৰ পৰা নোহোৱা হৈছে যদিও ভাবাদৰ্শগত সমৰ্থকসকলৰ ভাবুকি এতিয়াও শেষ হোৱা নাই। তেওঁৰ অভিযোগ, ‘দিমাগী নক্সাল’সকলে বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনত সোমাই সংবিধান আৰু গণতন্ত্ৰৰ বিৰুদ্ধে লোকসকলক উচটনি দিছে।

সশস্ত্ৰ নক্সালবাদীসকল অৰণ্যৰ পৰা নোহোৱা হৈছে, কিন্তু দিমাগী নক্সালসকলে বহু সংগঠনৰ নিয়ন্ত্ৰণ লৈছে। তেওঁলোকক চিনাক্ত কৰি পৰাস্ত কৰিব লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

মোদীয়ে লগতে কয় যে, চৰকাৰে নক্সাল আৰু বিচ্ছিন্নতাবাদীসকলৰ পুঁজিৰ উৎসত ডাঙৰ আঘাত হনা সিদ্ধান্ত লৈছে। মাওবাদী সন্ত্ৰাস নিৰ্মূল দেশৰ সঠিক নীতি আৰু দৃঢ় ৰাজনৈতিক ইচ্ছাশক্তিৰ বিজয় বুলিও তেওঁ মন্তব্য কৰে।

ইয়াৰ প্ৰতিক্ৰিয়াত জয়ৰাম ৰমেশে এক্সত লিখে যে, দীপাৱলীৰ দিনটোতো প্ৰধানমন্ত্ৰীয়ে নিজৰ চিৰপৰিচিত অপমানসূচক ভাষা এৰা নাই। এক গম্ভীৰ, অ-ৰাজনৈতিক অনুষ্ঠানত নিৰাপত্তাৰক্ষীৰ পোছাক পৰিধান কৰি তেওঁ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলক গালি দিয়া বুলি ৰমেশে অভিযোগ কৰে। ইয়াক প্ৰতিষ্ঠানগত সকলো নীতি-নিয়মৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ বুলিও তেওঁ মন্তব্য কৰে।

ৰমেশে কয়, ২০২৪ চনৰ ২৮ এপ্ৰিলত জাতিভিত্তিক লোকপিয়লৰ দাবীদাৰসকলক মোদীয়ে ‘নগৰীয়া নক্সাল’ আখ্যা দিছিল। পিছত ২০২৫ চনৰ ৩০ এপ্ৰিলত ২০২৭ চনৰ লোকপিয়লৰ অংশ হিচাপে জাতিভিত্তিক গণনা কৰা হ’ব বুলি ঘোষণা কৰে। ২০২০ চনৰ ছেপ্টেম্বৰত তিনিখন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰাসকলক নক্সাল মতাদৰ্শৰ সমৰ্থক বুলিও মোদীয়ে কৈছিল আৰু ২০২১ চনৰ ১৯ নৱেম্বৰত সেই আইনকেইখন প্ৰত্যাহাৰ কৰিছিল বুলি তেওঁ উল্লেখ কৰে।