এক ব্যতিক্ৰমী ৰূপত ৰাইজৰ মাজত দেখা গ’ল শিলাদিত্য দেৱক।ৰাজনৈতিক মঞ্চৰ পৰিৱৰ্তে এইবাৰ নামঘৰৰ ভাওনাৰ মঞ্চত শ্ৰীকৃষ্ণৰ ৰূপত অৱতীৰ্ণ হ’ল হোজাইৰ বিধায়ক শিলাদিত্য দেৱ।

হোজাইৰ নাথ গাঁৱৰ নামঘৰত অনুষ্ঠিত উদয় শংকৰ ভাওনাত শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰে বিধায়কগৰাকীয়ে।।পৰম্পৰাগত সাজ-পোছাক, শ্ৰীকৃষ্ণৰ বেশভূষা আৰু অভিনয়েৰে ভাওনাৰ মঞ্চত এক বিশেষ মাত্ৰা প্ৰদান কৰে শিলাদিত্য দেৱে।।বিধায়কগৰাকীৰ এই ব্যতিক্ৰমী ৰূপ প্ৰত্যক্ষ কৰিবলৈ নামঘৰত সমবেত হয় বহু লোক।

ৰাজনীতিৰ ব্যস্ততাৰ মাজতো অসমৰ সত্ৰীয়া সংস্কৃতি, ধৰ্মীয় পৰম্পৰা আৰু ভাওনাৰ সৈতে এনেদৰে জড়িত হোৱা কাৰ্যই বিশেষ চৰ্চা লাভ কৰিছে।এই অনুষ্ঠানৰ মূখ্য অতিথি হিচাবে উপস্থিত থাকে জিলা আয়ুক্ত সঞ্জয় দত্ত।।