ঢাকা: বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক দ্বিপাক্ষিক চুক্তিৰ অধীনত ভাৰতৰ পৰা প্ৰত্যৰ্পণৰ আবেদন জনাইছে বাংলাদেশে। দেশখনৰ আইনমন্ত্ৰী এম ডি আছাদুজ্জামানে দেওবাৰে এই কথা জনায়।

ঢাকাত এখন প্ৰশিক্ষণ কৰ্মশালা উদ্বোধনৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, হাছিনা বাংলাদেশৰ বিচাৰাধিকৰণে দোষী সাব্যস্ত কৰা এগৰাকী অপৰাধী। হাছিনাক দেশলৈ ঘূৰাই আনিবলৈ চৰকাৰে আইনী পদক্ষেপ গ্ৰহণ কৰি আছে বুলিও তেওঁ জনায়।

“আইন অনুসৰিয়েই বিষয়টোৰ নিষ্পত্তি কৰা হ'ব, ইয়াত আৱেগৰ কোনো স্থান নাথাকিব। চুক্তি আৰু আইনী প্ৰক্ৰিয়াৰ অধীনত আমি তেওঁৰ প্ৰত্যৰ্পণৰ আবেদন জনাইছোঁ,” আছাদুজ্জামানে কয়।

ভাৰতৰ সঁহাৰি সন্দৰ্ভত তেওঁ কয় যে, সেয়া ভাৰত চৰকাৰৰ বিষয়। বাংলাদেশে প্ৰত্যৰ্পণ চুক্তিৰ অধীনত ভাৰতক আবেদন জনাইছে। এই বিষয়টো বাংলাদেশৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে চম্ভালি আছে বুলিও তেওঁ জনায়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইতিমধ্যে জনাইছে যে, নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে আবেদনসমূহ পৰীক্ষা কৰি থকা হৈছে।

২০২৫ চনৰ নৱেম্বৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ বিচাৰাধিকৰণে ২০২৪ চনৰ জুলাই-আগষ্টৰ গণঅভ্যুত্থানৰ সময়ত সংঘটিত মানৱতাবিৰোধী অপৰাধৰ গোচৰত হাছিনাক তেওঁৰ অনুপস্থিতিত দোষী সাব্যস্ত কৰিছিল। এটা অভিযোগত তেওঁক মৃত্যুদণ্ড আৰু আন এটা অভিযোগত আজীৱন কাৰাদণ্ড দিয়া হয়।

২০২৪ চনৰ ৫ আগষ্টত গণঅভ্যুত্থানৰ ফলত ১৫ বছৰীয়া শাসনৰ অৱসান ঘটাৰ পাছত হাছিনা ভাৰতলৈ আহিছিল। তাৰ পাছতে নোবেল বঁটা বিজয়ী মুহাম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তী চৰকাৰে দায়িত্ব গ্ৰহণ কৰে।

চলিত বছৰৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত সংসদীয় নিৰ্বাচনৰ পাছত তাৰেক ৰহমানৰ নেতৃত্বাধীন বাংলাদেশ নেচনেলিষ্ট পাৰ্টিয়ে চৰকাৰ গঠন কৰে। ৫ আগষ্টত নতুন দিল্লীত আয়োজিত কেৱল অডিঅ'ভিত্তিক এক ভাৰ্চুৱেল সংবাদমেলত হাছিনাই কাৰাবাস বা মৃত্যুৰ আশংকা থাকিলেও ডিচেম্বৰত বাংলাদেশলৈ উভতি যোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল।

ইয়াৰ পাছতে ঢাকাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। হাছিনাক সংবাদমাধ্যমৰ সন্মুখত কথা কোৱাৰ সুযোগ দিয়াক লৈ দেশখনৰ বিদেশ মন্ত্ৰালয়ে ক্ষোভ প্ৰকাশ কৰিছিল। ভাৰত চৰকাৰে অৱশ্যে এই অনুষ্ঠানৰ সৈতে জড়িত নহয় বুলি জনাইছিল। ব্যক্তিগত সংবাদ সংস্থাই অনুষ্ঠানটো আয়োজন কৰিছিল বুলিও স্পষ্ট কৰে।