ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ টেঙাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মধ্যৱৰ্তী টেংক ফাৰ্মত সংঘটিত অগ্নিকাণ্ডত মৃতৰ সংখ্যা ৪জনলৈ বৃদ্ধি পাইছে। দেওবাৰে চিকিৎসাধীন অৱস্থাত আন এজন শ্ৰমিকৰ মৃত্যু হয়।
নিহত শ্ৰমিকজন যান্ত্ৰিক সহায়ক শৈলেন গগৈ। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা গগৈৰ দেওবাৰে মৃত্যু হয়। অগ্নিকাণ্ডৰ দিনাই এজন আৰু পিছদিনা দুজন শ্ৰমিকৰ মৃত্যু হৈছিল।
ঘটনাটোত আহত আন ৩জন শ্ৰমিকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। নিহত আৰু আহত সকলো শ্ৰমিকেই অইলে নিয়োজিত কৰা মুম্বাইস্থিত স্পেক্ট্ৰন ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী।
৬ নৱেম্বৰত ৰক্ষণাবেক্ষণৰ কাম চলি থকাৰ সময়ত বিস্ফোৰণৰ পিছতে টেংক ফাৰ্মখনত জুই লাগে। এই কেন্দ্ৰত পেট্ৰ'লিয়ামজাত সামগ্ৰী পৰৱৰ্তী প্ৰক্ৰিয়াকৰণ বা পৰিবহণৰ পূৰ্বে সাময়িকভাৱে টেংকত সংৰক্ষণ কৰা হয়।
ঘটনাটোৰ উচ্চপৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে অইলে। তদন্ত শেষ নোহোৱালৈকে টেংক ফাৰ্মখনৰ দায়িত্বত থকা ৩জন বিষয়াসহ অইলৰ ৪জন কৰ্মচাৰীক নিলম্বন কৰা হৈছে।
প্ৰতিজন নিহতৰ নিকটাত্মীয়ক ১০ লাখ টকাকৈ আৰু প্ৰতিজন আহতক ৫ লাখ টকাকৈ অনুদান দিয়াৰ ঘোষণা কৰিছে অইলে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।
ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সোণোৱালে অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰঞ্জিত ৰথৰ সৈতে কথা পাতি ঘটনাৰ বুজ লয়। আহতসকলক উন্নত চিকিৎসা আৰু নিহতসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰধান সচিবক অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ সৈতে যোগাযোগত থাকিবলৈ নিৰ্দেশ দিছে।