নিউজ ডেস্ক: ২৬ নৱেম্বৰত মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষলৈ যাব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। এই ভ্ৰমণত তেওঁ ইম্ফল আৰু চূড়াচান্দপুৰত সংঘৰ্ষৰ ফলত গৃহহীন হোৱা লোক আৰু পৰিয়ালৰ সদস্য হেৰুওৱা লোকসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

প্ৰস্তাৱিত ভ্ৰমণসূচী অনুসৰি, ৰাহুল গান্ধীয়ে প্ৰথমে ইম্ফলত উপস্থিত হৈ সাহায্য শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে মত বিনিময় কৰিব। তাৰ পিছত তেওঁ চূড়াচান্দপুৰলৈ গৈ সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পৰিস্থিতিৰ বুজ ল’ব পাৰে।

ভ্ৰমণৰ সময়ত মণিপুৰৰ কংগ্ৰেছ নেতাসকলৰ সৈতেও তেওঁ বৈঠকত বহাৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়েও আলোচনা হ’ব পাৰে।

তিনি বছৰৰ পাছতো স্বাভাৱিক হোৱা নাই পৰিস্থিতি

২০২৩ চনৰ ৩ মে’ত মণিপুৰত মেইটেই আৰু কুকি-জো সম্প্ৰদায়ৰ মাজত গোষ্ঠীগত সংঘৰ্ষৰ সূচনা হৈছিল। তাৰ পিছৰে পৰা ৰাজ্যখনত হিংসা, গৃহহীনতা আৰু নিৰাপত্তাজনিত উদ্বেগ অব্যাহত আছে।

মণিপুৰ বিধানসভাত দাখিল কৰা তথ্য অনুসৰি, ২০২৬ চনৰ ৩১ আগষ্টলৈকে সংঘৰ্ষত ৩০৬জন লোকৰ মৃত্যু হৈছে আৰু ৪৯জন লোক সন্ধানহীন হৈ আছে। আনহাতে, ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, সংঘৰ্ষৰ ফলত প্ৰায় ৬০ হাজাৰ লোক গৃহহীন হৈছিল। ইয়াৰে ৩৬ হাজাৰ লোকক পুনৰ সংস্থাপন কৰা হৈছে যদিও ২৪ হাজাৰ লোক এতিয়াও সাহায্য শিবিৰত আশ্ৰয় লৈ আছে বুলি বিধানসভাত জনোৱা হৈছিল।

পূৰ্বেও সংঘৰ্ষপীড়িত লোকৰ কাষ চাপিছিল ৰাহুল গান্ধী

২০২৩ চনৰ জুন মাহত প্ৰথমবাৰৰ বাবে মণিপুৰ ভ্ৰমণ কৰি ৰাহুল গান্ধীয়ে গৃহহীন পৰিয়াল আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰিছিল। ২০২৪ চনৰ জুলাই মাহতো তেওঁ জিৰিবাম, চূড়াচান্দপুৰ আৰু মইৰাঙৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰিছিল।

এইবাৰৰ প্ৰস্তাৱিত ভ্ৰমণত পুনৰ সংঘৰ্ষপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিৰ বুজ লোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য, ২৬ নৱেম্বৰৰ ভ্ৰমণৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, এই কাৰ্যসূচী এতিয়াও সম্ভাৱ্য পৰিকল্পনা হিচাপেহে প্ৰকাশ পাইছে।