নতুন দিল্লী, ৮ নৱেম্বৰ: ৰাজনীতি নহয়, নিজৰ জীৱনৰ ব্যক্তিগত অভিজ্ঞতা, প্ৰেম, পৰিয়াল আৰু শোকৰ কাহিনীহে তুলি ধৰিছে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে। তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ *‘Belonging: A Journey of Love’*ক ৰাজনৈতিক গ্ৰন্থ হিচাপে নহয়, ব্যক্তিগত স্মৃতিকথা হিচাপেহে অভিহিত কৰিছে তেওঁ। গ্ৰন্থখনত ভাৰতত নিজৰ ঘৰ বিচাৰি পোৱা আৰু পাঁচ দশকৰো অধিক সময়ৰ জীৱনযাত্ৰাৰ অভিজ্ঞতা সৎভাৱে প্ৰকাশ কৰাৰ চেষ্টা কৰা হৈছে বুলি জনাইছে ছোনিয়া গান্ধীয়ে।

হাৰ্পাৰকলিনছ ইণ্ডিয়াই ১০ নৱেম্বৰত ভাৰতত গ্ৰন্থখন প্ৰকাশ কৰিব। লেখিকাগৰাকীৰ প্ৰতিনিধি আৰু পেংগুইন ৰেণ্ডম হাউছ ইণ্ডিয়াৰ মাজত সৃষ্টি হোৱা অচলাবস্থাৰ বাবে গ্ৰন্থখনৰ ভাৰতীয় সংস্কৰণ প্ৰকাশক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল। অৱশেষত হাৰ্পাৰকলিনছ ইণ্ডিয়াৰ জৰিয়তে গ্ৰন্থখন প্ৰকাশৰ পথ প্ৰশস্ত হৈছে।

গ্ৰন্থখনৰ প্ৰাককথনত ছোনিয়া গান্ধীয়ে উল্লেখ কৰিছে যে জীৱনৰ বেছিভাগ সময় তেওঁ নিজৰ ব্যক্তিগত জগতখন ৰাজহুৱা চৰ্চাৰ পৰা আঁতৰাই ৰাখিছিল। ব্যক্তিগত শোকৰ পৰিণতিত ৰাজনীতিলৈ আহিবলগীয়া হোৱাৰ পাছতো নিজৰ গোপনীয়তা বজাই ৰাখিবলৈ চেষ্টা কৰিছিল তেওঁ। সেইবাবেই নিজৰ জীৱনৰ বিষয়ে মুকলিকৈ লিখাৰ কথা এসময়ত তেওঁৰ বাবে প্ৰায় অকল্পনীয় আছিল।

ৰাজহুৱা জীৱনৰ ব্যস্ততাৰ পৰা কিছু আঁতৰি অহাৰ পাছতহে নিজৰ অতীতক নতুন দৃষ্টিৰে চাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰিছে ছোনিয়া গান্ধীয়ে। তেওঁৰ মতে, জীৱনৰ বিভিন্ন পৰ্যায়ক একেডাল সূতাৰে বান্ধি ৰখা মূল বিষয়টো হৈছে প্ৰেম আৰু সেই প্ৰেমৰ পৰাই জন্ম লোৱা আনুগত্য।

ইংলেণ্ডত ইটালীৰ এখন সৰু চহৰৰ ১৯ বছৰীয়া যুৱতী হিচাপে এগৰাকী ভাৰতীয় ছাত্ৰক লগ পোৱাৰ পৰাই তেওঁৰ ভাৰতৰ সৈতে সম্পৰ্কৰ আৰম্ভণি হৈছিল। সেই সম্পৰ্কই তেওঁক ভাৰত আৰু এটা নতুন পৰিয়ালৰ সৈতে চিনাকি কৰাই দিছিল। শাশুড়ী ইন্দিৰা গান্ধীৰ সৈতে গঢ়ি উঠা সম্পৰ্ক, সন্তানক ডাঙৰ-দীঘল কৰা আৰু ভাৰতৰ ৰাজহুৱা জীৱনৰ সৈতে জড়িত হৈ পৰা—এই সকলো অভিজ্ঞতাই গ্ৰন্থখনত স্থান লাভ কৰিছে।

ছোনিয়া গান্ধীয়ে গ্ৰন্থখনত গান্ধী পৰিয়ালৰ সদস্যসকলক তেওঁ জনা আৰু ভালপোৱা মানুহ হিচাপে তুলি ধৰিবলৈ চেষ্টা কৰিছে। তেওঁৰ মতে, পৰিয়ালটোৰ বিষয়ে বহু কথা লিখা হৈছে যদিও তেওঁলোকৰ প্ৰকৃত ব্যক্তিত্ব, প্ৰেৰণা, সংগ্ৰাম আৰু মানৱীয় দুৰ্বলতাৰ বিষয়ে যথেষ্ট অন্তৰ্দৃষ্টিৰে আলোচনা হোৱা নাই।

স্মৃতিকথাখনত গান্ধী পৰিয়ালৰ কেইবাটাও শোকাৱহ অধ্যায়ৰ কথাও উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত সঞ্জয় গান্ধীৰ বিমান দুৰ্ঘটনাত মৃত্যু, ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাকাণ্ড আৰু ১৯৯১ চনত ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ অভিজ্ঞতা বিশেষভাৱে স্থান পাইছে।

স্বামী ৰাজীৱ গান্ধী আৰু ইন্দিৰা গান্ধীক হিংসাত হেৰুওৱাৰ পাছতো প্ৰেমেই তেওঁক মানসিক শক্তি যোগাইছিল বুলি উল্লেখ কৰিছে ছোনিয়া গান্ধীয়ে। ৰাজীৱ গান্ধী আৰু ভাৰতৰ প্ৰতি থকা প্ৰেমেই সেই কঠিন সময়ত তেওঁক আগুৱাই যোৱাত সহায় কৰিছিল বুলি তেওঁ লিখিছে।

গ্ৰন্থখনত ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ অভিজ্ঞতাও স্থান পাইছে। পাঁচ দশকৰো অধিক সময় ধৰি কেতিয়াবা ৰাজহুৱা জীৱনৰ প্ৰান্তৰ পৰা আৰু পাছলৈ ইয়াৰ কেন্দ্ৰৰ পৰা ভাৰতৰ পৰিৱৰ্তন প্ৰত্যক্ষ কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰিছে তেওঁ।

ইয়াৰ উপৰি ২০০৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ জয়ৰ পাছত প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা আৰু তাৰ পৰিৱৰ্তে দল তথা মিত্ৰজোঁটক নেতৃত্ব দিয়াৰ ঘটনাও স্মৃতিকথাখনত স্থান লাভ কৰিছে। পৰৱৰ্তী সময়ত এই মিত্ৰজোঁটে দহ বছৰ দেশৰ শাসনভাৰ বহন কৰিছিল।

ছোনিয়া গান্ধীৰ মতে, ‘Belonging: A Journey of Love’ কেৱল তেওঁৰ ব্যক্তিগত জীৱনৰ কাহিনী নহয়; বৰং ভাৰতক নিজৰ ঘৰ হিচাপে গ্ৰহণ কৰা আৰু দেশখনৰ সৈতে গঢ়ি উঠা সম্পৰ্কৰো এক বিৱৰণ। ১০ নৱেম্বৰত গ্ৰন্থখন প্ৰকাশ পোৱাৰ পাছত তেওঁৰ জীৱনৰ বহু ব্যক্তিগত আৰু ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ অধ্যায় পাঠকৰ সন্মুখলৈ আহিব।