কোহিমা, ১০ নৱেম্বৰ: এশ বছৰতকৈও অধিক সময় ধৰি ব্ৰিটেইনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ Pitt Rivers Museum-ত সংৰক্ষিত হৈ থকা নগা জনগোষ্ঠীৰ ৩৯টা পূৰ্বপুৰুষৰ দেহাৱশেষ অৱশেষত স্বদেশলৈ উভতাই অনা হৈছে। এক ঐতিহাসিক পদক্ষেপৰ অংশ হিচাপে সোমবাৰে সংগ্ৰহালয়টোত অনুষ্ঠিত এক অনুষ্ঠানত দেহাৱশেষসমূহ নগা প্ৰতিনিধিসকলৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয়।
Forum for Naga Reconciliation (FNR) আৰু Naga Tribe Hoho-ৰ প্ৰতিনিধিসকলে এই দেহাৱশেষ গ্ৰহণ কৰে। দেহাৱশেষ হস্তান্তৰৰ নথিত Pitt Rivers Museum-ৰ সঞ্চালক অধ্যাপক ল’ৰা ভান ব্ৰুকহোভেন আৰু FNR-ৰ প্ৰতিনিধি ৰেভাৰেণ্ড ড০ ৱাটি আইৰে স্বাক্ষৰ কৰে। অনুষ্ঠানত FNR-ৰ হৈ ভিজিয়াৰ ছান্যু আৰু Naga Tribe Hoho-ৰ হৈ থেজাও ভিহিয়েনুও উপস্থিত থাকে।
FNR-এ মঙলবাৰে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, হস্তান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত দেহাৱশেষসমূহ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা নাগালেণ্ড অভিমুখে যাত্ৰা আৰম্ভ কৰে।
১৮৮৪ চনত প্ৰতিষ্ঠা হোৱা Pitt Rivers Museum-ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা সাংস্কৃতিক সামগ্ৰীৰ লগতে এই দেহাৱশেষসমূহো সংৰক্ষিত হৈ আছিল। অনুষ্ঠানত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক আইৰিন ট্ৰেচিয়ে এই হস্তান্তৰক বিশ্ববিদ্যালয় আৰু নগা জনগোষ্ঠীৰ সম্পৰ্কৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁৰ মতে, এই পদক্ষেপে পুনৰ্মিলন, মানসিক নিৰাময় আৰু শান্তিৰ দিশত জনগোষ্ঠীটোৰ নেতৃত্বত চলা প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।
অনুষ্ঠানত ভিজিয়াৰ ছান্যুৱে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত নগা সমাজৰ ওপৰত চলা হিংসাৰ প্ৰভাৱৰ কথা উল্লেখ কৰে। ঔপনিৱেশিক বাহিনীয়ে তেওঁৰ নিজৰ গাঁওখনো জ্বলাই দিছিল বুলি তেওঁ স্মৰণ কৰে।
আনহাতে, Naga Tribe Hoho-ৰ প্ৰতিনিধি তথা Angami Public Organisation-ৰ সভাপতি থেজাও ভিহিয়েনুওৱে পূৰ্বপুৰুষৰ দেহাৱশেষ নিজৰ ভূমিলৈ ঘূৰাই অনাটো নগা জনগোষ্ঠীৰ অধিকাৰ বুলি মন্তব্য কৰে। সংগ্ৰহালয়সমূহত সংৰক্ষিত হৈ থকা আন নগা পূৰ্বপুৰুষৰ দেহাৱশেষো সন্মানসহকাৰে স্বদেশলৈ ঘূৰাই অনাৰ আহ্বান জনায় তেওঁ।
ইফালে, দেহাৱশেষসমূহ কোহিমাৰ Naga Solidarity Park-ত সমাধিস্থ কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। উদ্যানখনৰ পৰিচালনা সমিতিয়ে ইয়াৰ বাবে এটা নিৰ্দিষ্ট স্থান আৱণ্টন কৰিছে। প্ৰস্তাৱিত সমাধিস্থলীত প্ৰাৰ্থনা সভাও অনুষ্ঠিত হৈছে বুলি সমিতিৰ আহ্বায়ক ভিপোপাল কিন্টছিয়ে জানিবলৈ দিয়ে।
তেওঁৰ মতে, এই সমাধিস্থলীয়ে নগা জনগোষ্ঠীৰ পূৰ্বপুৰুষৰ দেহাৱশেষৰ বাবে এক উমৈহতীয়া বিশ্ৰামস্থলী প্ৰদান কৰাৰ লগতে জনগোষ্ঠীটোৰ মাজত ঐক্য, শান্তি আৰু পুনৰ্মিলনৰ বাৰ্তা কঢ়িয়াই আনিব।