কলিয়াবৰ, ১১ নৱেম্বৰ, ২০২৬:

কলিয়াবৰৰ বৰঘুলিত গুলীচালনাৰ ঘটনা! কলিয়াবৰৰ ২নং বৰঘুলিত মাটি-বাৰীক কেন্দ্ৰ কৰি সংঘটিত গুলীচালনাৰ ঘটনাত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চুলুং আৰক্ষী। ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে আইজুল নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

উল্লেখ্য যে, মাটি-বাৰীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত সংঘটিত হোৱা বুলি সন্দেহ কৰা এই গুলীচালনাৰ ঘটনাত কেইবাজনো লোক আহত হৈছিল। অৱশ্যে আহতৰ সঠিক সংখ্যা এতিয়ালৈ সঠিককৈ প্ৰকাশ পোৱা নাই। জানিব পৰা মতে ৩ জন লোক আৰু আন কিছুমানৰ মতে ৭ ৰ পৰা ৮ জনকৈ লোক এই আক্ৰমণত আহত হৈছে। আহতসকলৰ ভিতৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দীৰ্ঘদিন ধৰি চলি থকা ভূমিকাণ্ড বা মাটি-বাৰীৰ কেন্দ্ৰিক সংঘাতৰ বাবেই নিশা এই গুলীচালনাৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

ইফালে, ঘটনাৰ খবৰ পাই চুলুং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলায়। গুলীচালনাত ব্যৱহৃত বুলি সন্দেহ কৰা মাৰণাস্ত্ৰটো নিশা বৰঘুলিৰ আব্দুল কালাম নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা দুটাকৈ খালী কাৰ্টিজ, এখন দা আৰু লাঠীও উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

এই হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সৈতে জড়িত আন দিশসমূহৰ তদন্ত অব্যাহত ৰাখিছে।

ঘটনাস্থলী: বৰঘুলি , কলিয়াবৰ, অসম।

অভিযুক্ত: আইজুল।

আৰক্ষী থানা: চুলুং আৰক্ষী।