কোকৰাঝাৰ, ১১ নৱেম্বৰ: অসম চৰকাৰে আলোচনাৰ বাবে সংশ্লিষ্ট পৰিষদক আমন্ত্ৰণ জনোৱাৰ পিছতে কামতাপুৰ আন্দোলন ২৮ নৱেম্বৰলৈ স্থগিত ৰখা হৈছে।

নিজৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত কোচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিবাদকাৰীসকলে ১১ নৱেম্বৰত কোকৰাঝাৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অনিৰ্দিষ্টকালীন অৱৰোধ কাৰ্যসূচী ৰূপায়ণৰ প্ৰস্তুতি চলাইছিল।

এই কাৰ্যসূচীক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়।

ইয়াৰ মাজতে ৰাজ্য চৰকাৰে সংশ্লিষ্ট পৰিষদক আলোচনাৰ বাবে আমন্ত্ৰণ জনায়। চৰকাৰৰ এই পদক্ষেপৰ পিছতে আন্দোলনকাৰী পক্ষই ২৮ নৱেম্বৰলৈ আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত লয়।

দীৰ্ঘদিনীয়া দাবীসমূহক লৈ চৰকাৰ আৰু পৰিষদৰ মাজত হ'বলগীয়া আলোচনাৰ ফলাফলৰ ওপৰত আন্দোলনৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ভৰ কৰিব।