ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে। এই ঘটনাসমূহত এগৰাকী মহিলা আহত হৈছে।
গোৱালপাৰা জিলাৰ কুমৰী অঞ্চলত বুধবাৰে, ১১ নৱেম্বৰৰ পুৱা ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ যোৱা ১৯ বছৰীয়া আতাবুল ইছলামৰ বজ্ৰপাতত মৃত্যু হয়। নিজৰ নাৱত বহি থকা অৱস্থাতে বজ্ৰপাতৰ আঘাতত যুৱকজনৰ মৃত্যু হয়।
ইফালে, চাপৰৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাঁৱত বজ্ৰপাতত বাছেৰ আলী নামৰ এজন যুৱকৰ মৃত্যু হয়। দুটা সন্তানৰ পিতৃ বাছেৰ আলীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
মৰিগাঁৱৰ পশ্চিম অঞ্চলত প্ৰচণ্ড বৰষুণৰ সময়ত বজ্ৰপাতত মণিৰাম ডেকা নামৰ এজন লোকৰ মৃত্যু হয়। একেটা ঘটনাত আহত এগৰাকী মহিলাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ধুমুহা-বৰষুণে ডিগবৈৰ বহু অঞ্চলত ক্ষয়-ক্ষতি কৰাৰ লগতে একাংশ ঠাইত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। ডিমৌত ধুমুহাৰ প্ৰকোপত ঘৰৰ টিনপাত উৰি যোৱাৰ লগতে বহু তামোল গছ উভালি পৰে।
ধুমুহা-বৰষুণৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উষ্ণতা হ্ৰাস পাইছে। বজ্ৰপাতৰ সময়ত নদী, জলাশয় আৰু মুকলি ঠাইত অৱস্থান নকৰিবলৈ জনসাধাৰণক সতৰ্কতা অৱলম্বনৰ আহ্বান জনোৱা হৈছে।