গুৱাহাটী, ১২ নৱেম্বৰ: অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া ৰূপায়ণৰ দাবী উত্থাপন কৰিছে উৎপল শৰ্মাই। ৰাজ্যখনত নিৰ্ভুল আৰু শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাটো অতি প্ৰয়োজনীয় বুলি তেওঁ মন্তব্য কৰে। একে সময়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰ পৰীক্ষাৰো দাবী জনাইছে তেওঁ।

উৎপল শৰ্মাই কয়, অসমৰ মানুহে অসম আন্দোলনৰ সময়তেই এছ আই আৰৰ কথা শুনিছে। অসমত এছ আই আৰ আৰু শুদ্ধ ভোটাৰ তালিকা লাগিবই বুলি তেওঁ কয়। অসম আৰু দেশৰ আন ৰাজ্যসমূহৰ সামাজিক তথা ৰাজনৈতিক পৰিস্থিতিৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰি তেওঁ কয়, বিহাৰ আৰু পশ্চিমবংগত এই বিষয়টো চৰ্চালৈ অহাৰ পাছত অসমতো এই প্ৰক্ৰিয়া ৰূপায়ণৰ প্ৰয়োজনীয়তা অধিক গুৰুত্ব লাভ কৰিছে।

অসম আন্দোলনৰ সময়ৰ পৰাই ভোটাৰ তালিকাৰ পৰা অবৈধ বিদেশী নাগৰিকৰ নাম কৰ্তনৰ দাবী উত্থাপন হৈ আহিছে বুলি অভিযোগ কৰি তেওঁ কয়, হিন্দু বা মুছলমান ধৰ্ম নিৰ্বিশেষে সকলো অবৈধ বাংলাদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে।

অসমত শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰ পৰীক্ষাও জৰুৰী বুলি উৎপল শৰ্মাই কয়। অসমৰ খিলঞ্জীয়া ৰাইজৰ অধিকাৰ আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে।

এন আৰ চি পুনৰ পৰীক্ষাৰ দাবীৰ সমৰ্থনত সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বেও বিভিন্ন সময়ত আবেদন দাখিল কৰি আহিছে বুলিও তেওঁ জনায়।

বিশেষ সংশোধন হৈছে নিৰ্বাচন আয়োগৰ অধীনত ভোটাৰ তালিকাৰ বিস্তৃত পৰীক্ষা আৰু সংশোধনৰ এক প্ৰক্ৰিয়া। ইয়াৰ জৰিয়তে ভোটাৰৰ তথ্য পুনৰ পৰীক্ষা কৰাৰ লগতে যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত আৰু অযোগ্য ভোটাৰৰ নাম কৰ্তনৰ ব্যৱস্থা কৰা হয়।