শিৱসাগৰ, ১২ নৱেম্বৰ, ২০২৬: শিৱসাগৰত বৈধভাৱে শিল সৰবৰাহৰ অনুমতি বিচাৰি শতাধিক লোকৰ প্ৰতিবাদ । শিলৰ কোৱেৰী আৰু ক্ৰেচাৰ পুনৰ মুকলি কৰি বৈধভাৱে শিল সৰবৰাহৰ অনুমতি প্ৰদানৰ দাবীত শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে বিহুবৰ আৰু লক্ষ্মীজানৰ শিল ব্যৱসায়ী, শ্ৰমিক আৰু বাহনৰ চালকসকলে। শিৱসাগৰত বিহুবৰ আৰু লক্ষ্মীজান শিল ব্যৱসায়ী, শ্ৰমিক,গাড়ী চালকৰ যৌথ প্ৰতিবাদী কাৰ্যসূচী।
দলমুখ চাৰিআলিত শতাধিক লোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, ১৯ জুলাইৰ প্ৰলয়ংকৰী বানৰ পাছৰে পৰা চন্টক বিহুবৰ আৰু লক্ষ্মীজান বিহুবৰৰ শিলৰ কোৱেৰী আৰু ক্ৰেচাৰসমূহ বন্ধ হৈ আছে।
অসম চৰকাৰে এতিয়ালৈকে বন্ধ কৰি ৰাখিছে নাগালেণ্ডৰ পৰা শিল সৰবৰাহৰ Road পাৰ্মিচন । ইয়াৰ ফলত হাজাৰ হাজাৰ শ্ৰমিক, গাড়ীচালক, মেচিন অপাৰেটৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে। আনহাতে, কোৱেৰী-ক্ৰেচাৰৰ মালিক আৰু বাহনৰ গৰাকীসকলেও বেংকৰ ঋণ পৰিশোধ তথা যন্ত্ৰপাতিৰ ৰক্ষণাবেক্ষণত অসুবিধাৰ সন্মুখীন হোৱা বুলি প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে।পুনৰ বৈধভাৱে শিল সৰবৰাহৰ অনুমতি বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে ।
প্ৰতিবাদকাৰীসকলৰ দাবী, অসম চৰকাৰে নাগালেণ্ডৰ পৰা শিল সৰবৰাহৰ বাবে প্ৰয়োজনীয় পথ-অনুমতি পুনৰ প্ৰদান কৰা নাই। সেয়েহে সকলো চৰকাৰী নীতি-নিয়ম মানি আৰু প্ৰয়োজনীয় অনুমতি গ্ৰহণ কৰি বৈধ তথা বিজ্ঞানসন্মত পদ্ধতিৰে শিল সৰবৰাহৰ অনুমতি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে তেওঁলোকে।