১২ নৱেম্বৰ ২০২৬, গুৱাহাটী
কা আন্দোলনত ইফালে আহ ঐ আহ... সিফালে আহ ঐ আহ... মাজত পৰি একে ঠাইতে থাকি গলো মই। বাকীবোৰে আন্দোলন কৰি নিজৰ পজিচন বনাই ল’লে।মইহে একে ঠাইতে থাকি গ'লো । আন্দোলনৰ সময়ৰ অভিজ্ঞতাক লৈ বিশেষ মন্তব্য কৰিছে সংগীতশিল্পী মানস ৰবীনে। আন্দোলনৰ সময়ত দুয়োফালৰ টনাটনিত পৰি নিজৰ অৱস্থান সলনি কৰিব নোৱাৰাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘ইফালে আহ ঐ আহ, সিফালে আহ ঐ আহ, মাজত পৰি একে ঠাইতে থাকি গ’লোঁ মই।’
মানস ৰবীনৰ ভাষ্য অনুসৰি, আন্দোলনৰ সময়ত আন বহুতে নিজৰ নিজৰ অৱস্থান তৈয়াৰ কৰি ল’লে। কিন্তু তেওঁ মাজতে ৰৈ গ’ল। তেওঁৰ মন্তব্য, ‘বাকীবোৰে আন্দোলন কৰি নিজৰ পজিচন বনাই ল’লে।’ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কৰা আন্দোলনখন তেনে নহয়।জুবিন গাৰ্গৰ সত্বাটো ইমান সৰু নহয় যে ২০ টা মানুহ লগ হৈ প্ৰতিবাদ কৰি থাকিব। জুবিন গাৰ্গ সত্বাটোৱেই ডাঙৰ সেয়ে এতিয়া মই বেলেগে মাতিলে আন্দোলনলৈ নাযাওঁ বুলি মন্তব্য কৰিছে সংগীতশিল্পীগৰাকীয়ে।
বৰ্তমান আন্দোলনলৈ নোযোৱাৰ কথাও উল্লেখ কৰে সংগীতশিল্পীগৰাকীয়ে। তেওঁ কয়, ‘আজিকালি মই আন্দোলনলৈ নাযাও, জুবিন গাৰ্গৰ কাৰণে মই নিজৰ ঠাইত থাকোঁ।’সকলো একগোট হৈ জুবিন গাৰ্গক ন্যায় দিয়াত সহায় কৰিবলৈ মন্তব্য কৰে সংগীতশিল্পী মানস ৰবীনে
কা আন্দোলনৰ সময়ৰ অভিজ্ঞতা আৰু জুবিন গাৰ্গৰ প্ৰতি নিজৰ অৱস্থানক লৈ মানস ৰবীনৰ এই মন্তব্যই চৰ্চা লাভ কৰিছে।