ডিণ্ডোৰী, ৩ নৱেম্বৰ: ৰসগোল্লাৰ ভিতৰত লুকুৱাই থোৱা দেশীয় বোমা মুখৰ ভিতৰতে বিস্ফোৰণ ঘটাত ৩৫ বছৰীয়া এজন যুৱকৰ মৃত্যু হৈছে। মধ্যপ্ৰদেশৰ ডিণ্ডোৰী জিলাৰ পৰৰীয়া ছাঁটা গাঁৱত যোৱা মঙলবাৰে নিশা প্ৰায় ৮ বজাত এই ঘটনা সংঘটিত হয়।
নিহত যুৱকজনৰ নাম ৰাজেন্দ্ৰ বৰৌতীয়া। ডিণ্ডোৰী কোতোয়ালি থানাৰ অন্তৰ্গত গাঁওখনত পৰিয়ালৰ লোকসকলৰ সৈতে জুইৰ কাষত বহি থকা সময়তে তেওঁৰ প্ৰতিবেশী ৰামভগত বৰৌতীয়া কাষলৈ আহিছিল বুলি আৰক্ষীয়ে জনাইছে।
কিছু সময় কথা পতাৰ পাছত ৰামভগতে ৰাজেন্দ্ৰৰ হাতত এটা ৰসগোল্লা তুলি দিয়ে। ৰসগোল্লাটোত কামোৰ দিয়াৰ লগে লগে তেওঁৰ মুখৰ ভিতৰতে বিস্ফোৰণ ঘটে।
আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে, বনৰীয়া গাহৰি চিকাৰৰ বাবে ব্যৱহাৰ কৰা এটা দেশীয় বোমা ৰসগোল্লাটোৰ ভিতৰত লুকুৱাই থোৱা হৈছিল। বিস্ফোৰণত ৰাজেন্দ্ৰৰ মুখমণ্ডল আৰু হনুৰ হাড় গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।
পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ ডিণ্ডোৰী জিলা চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাত কেইঘণ্টামান পাছতে তেওঁৰ মৃত্যু হয়।
ঘটনাৰ মূল অভিযুক্ত ৰামভগত বৰৌতীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰা আৰু বিস্ফোৰক পদাৰ্থ আইনৰ ৩ আৰু ৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
কিহৰ উদ্দেশ্যেৰে ৰসগোল্লাৰ ভিতৰত বিস্ফোৰক লুকুৱাই ৰাজেন্দ্ৰক দিয়া হৈছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। দেশীয় বোমাটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছিল আৰু ঘটনাত আন কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও অনুসন্ধান চলিছে।