লখিমপুৰ: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে লখিমপুৰ জিলা ভ্ৰমণ কৰি কেইবাটাও কৃষি প্ৰকল্প পৰিদৰ্শন কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বিভাগীয় পৰ্যালোচনা বৈঠকত তেওঁ সভাপতিত্ব কৰে।
বৈঠকত লখিমপুৰ জিলাত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ নিৰ্ধাৰিত লক্ষ্যৰ ৮১ শতাংশ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰা হয়। অহা ১৫ জানুৱাৰীৰ ভিতৰত দৈনিক ন্যূনতম ৪০০জন কৃষকৰ পঞ্জীয়ন সম্পন্ন কৰি সমগ্ৰ প্ৰক্ৰিয়াটো শেষ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
বৈঠকত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, সাৰ বিতৰণ ব্যৱস্থা, ধান খেতিয়কসকলক ন্যূনতম সমৰ্থন মূল্যৰ প্ৰমাণ-পত্ৰ প্ৰদান, মাখানা খেতি, তৈল খেজুৰৰ সম্প্ৰসাৰণ, তামোল-নাৰিকলৰ পুলি বিতৰণ আৰু জলসিঞ্চন আঁচনিসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়।
ভ্ৰমণৰ আৰম্ভণিতে মন্ত্ৰী হাজৰীকাই ২ নং বকানলাৰ কৃষক পংকজ বৰাৰ তৈল খেজুৰ বাগিচা পৰিদৰ্শন কৰি ফচল চপোৱা কাৰ্যসূচীত অংশ লয়। পিছত বগীনদী মাজগাঁৱত ‘আৰিগ আজন এগ্ৰ'ফেড প্ৰডিউচাৰ কোম্পানী লিমিটেড’ৰ আনাৰস প্ৰক্ৰিয়াকৰণ গোটটো পৰিদৰ্শন কৰি স্থানীয় উৎপাদকসকলক উৎসাহিত কৰে।
বিহপুৰীয়াৰ পথালিপাহাৰত ‘শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছন’ৰ অধীনত নিৰ্মিত কৃষি সেৱা আৰু প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ তথা শীতল ভঁৰালটোও তেওঁ পৰিদৰ্শন কৰে। স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে অব্যৱহৃত হৈ থকা শীতল ভঁৰালটো কৃষি বিভাগে নিজৰ দায়িত্বত লৈ শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ভ্ৰমণসূচী আৰু বৈঠকত বিধায়ক মানৱ ডেকা, নৱ কুমাৰ দলে আৰু ভূপেন বৰা উপস্থিত থাকে।