বেংগালুৰু, ১৩ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জিগানী ভ্ৰমণৰ পূৰ্বে বেংগালুৰু নগৰ জিলাৰ জিগানীৰ দাঁতিকাষৰীয়া কেইবাখনো গাঁৱত মাংস বিক্ৰী নিষিদ্ধ কৰি জাৰি কৰা নিৰ্দেশক লৈ নাগৰিক আৰু প্ৰগতিশীল সংগঠনসমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বেংগালুৰু নগৰ জিলাৰ উপায়ুক্ত পি এছ কন্থাৰাজুৱে ১০ নৱেম্বৰত জাৰি কৰা নিৰ্দেশ অনুসৰি, ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ১৩ নৱেম্বৰৰ বিয়লি ৪ বজালৈ সকলো কসাইৰ দোকান বন্ধ ৰাখিবলৈ কোৱা হৈছিল। নিৰ্দেশটোত সম্ভাৱ্য আইন-শৃংখলাজনিত সমস্যাৰ আশংকাৰ কথা উল্লেখ কৰা হৈছিল।
বেংগালুৰু গ্ৰাম্য জিলাৰ আৰক্ষী অধীক্ষক চন্দ্ৰকান্ত এম ভিয়ে মাংস বিক্ৰী বন্ধ কৰাৰ প্ৰস্তাৱ দিছিল। নিৰ্দেশটোত অসামাজিক উপাদানে আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাই নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে বুলি উল্লেখ কৰা হৈছিল।
শুকুৰবাৰে আৰক্ষীয়ে জনায় যে, কসাইৰ দোকানৰ আশে-পাশে শগুণ আদি চৰাইৰ সমাগম ৰোধ কৰাই আছিল এই নিষেধাজ্ঞাৰ মূল উদ্দেশ্য। এই চৰাইবোৰে হেলিকপ্টাৰৰ চলাচলত বিপদৰ সৃষ্টি কৰিব পাৰে বুলি আৰক্ষীয়ে কয়। জক্কুৰত অনুষ্ঠিত বিমান প্ৰদৰ্শনীৰ সময়তো একেধৰণৰ নিষেধাজ্ঞা বলৱৎ কৰা হৈছিল বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে পুৱাই জিগানীৰ হেলিকপ্টাৰ অৱতৰণস্থলীত অৱতৰণ কৰি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰশান্তি কুটীৰমলৈ যায়। সম্ভাৱ্য হেলিকপ্টাৰ দুৰ্ঘটনাই জনসমাগমৰ মাজত আতংকৰ সৃষ্টি কৰি আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাব পাৰে বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে।
সামাজিক কৰ্মী শিৱসুন্দৰে এই নিৰ্দেশক অগণতান্ত্ৰিক আখ্যা দিয়ে। মাংস খোৱাৰ বিষয়টোক আইন-শৃংখলাজনিত সমস্যাৰ সৈতে জড়িত কৰাটোৱে নিৰ্দেশটোৰ আঁৰৰ মানসিকতা প্ৰকাশ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে বিমানযোগে ভ্ৰমণ কৰা আন অঞ্চলসমূহত এনে ধৰণৰ নিৰ্দেশ জাৰি কৰা নহয় বুলিও তেওঁ উল্লেখ কৰে। শুকুৰবাৰে পুৱা ফেচবুকত তেওঁ দিয়া পোষ্টটো প্ৰকাশৰ কিছু সময়ৰ পাছতে ভাৰতত পোষ্টটো চোৱাৰ সুবিধা সীমিত কৰি দিয়া হয়।