গুৱাহাটী, ১৪ নৱেম্বৰ: পথচাৰী আৰু ৰাজপথেৰে চলাচল কৰা বাহনৰ গৰাকীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে ২২গৰাকী তৃতীয় লিংগৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। মহানগৰজুৰি চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে তেওঁলোকক আটক কৰে।
গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে জনোৱা মতে, মহানগৰীত বিভিন্ন লোকক ভাবুকি দিয়াৰ অভিযোগত আৰক্ষীয়ে কেইবাটাও ৰাজহুৱা অভিযোগ লাভ কৰিছিল। সেই অভিযোগৰ ভিত্তিত সমন্বিতভাৱে অভিযান চলোৱা হয়।
অভিযানটোত গুৱাহাটী আৰক্ষীৰ তিনিখন জিলা—পূব, পশ্চিম আৰু মধ্য—অংশগ্ৰহণ কৰে। গ্ৰেপ্তাৰ হোৱা ২২গৰাকীৰ ভিতৰত ১২গৰাকীক মধ্য আৰক্ষী জিলাৰ পৰা, ৯গৰাকীক পশ্চিম আৰক্ষী জিলাৰ পৰা আৰু এগৰাকীক পূব আৰক্ষী জিলাৰ পৰা আটক কৰা হৈছে বুলি যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে জনায়।
আটক কৰা ব্যক্তিসকলৰ তৃতীয় লিংগৰ পৰিচয় নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্ধাৰিত পদ্ধতি অনুসৰণ কৰা হৈছে বুলি যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে কয়। পৰিচয় সম্পৰ্কীয় অধিক প্ৰক্ৰিয়া এতিয়াও চলি আছে।
তেওঁলোকৰ পৰা প্ৰয়োজনীয় পৰিচয়-পত্ৰ আৰু প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা লোকসকলক সংশ্লিষ্ট আদালতত হাজিৰ কৰোৱা হৈছে। পৰৱৰ্তী সময়ত আইনী প্ৰক্ৰিয়া অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে জনাইছে।