পাঠশালা, ১৫ নৱেম্বৰ: অসম শিশু সাহিত্য ন্যাসৰ সচিব তথা বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামীক দেওবাৰে ‘কথাৰত্ন’ বঁটা প্ৰদান কৰা হয়। বজালীৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰীন মিছন বজালীৰ উদ্যোগত পাঠশালাত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত তেওঁলৈ এই সন্মান আগবঢ়োৱা হয়।
সাহিত্য, ভাষা আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে গোস্বামীক বঁটাটোৰ বাবে নিৰ্বাচন কৰিছিল সংগঠনটোৱে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছিল। বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়, অসম সৌৰভ বঁটা প্ৰাপক কৃষ্ণ ৰয়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত আছিল।
প্ৰকৃতি সংৰক্ষণ, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু সমাজত সেউজীয়া পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে গ্ৰীন মিছন বজালীয়ে দীৰ্ঘদিন ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। সংগঠনটোৰ সঞ্চালক আনন্দ খাটনিয়াৰে বহু বছৰ ধৰি প্ৰকৃতি ৰক্ষাৰ কাম কৰি আহিছে। এইবাৰেই প্ৰথমবাৰৰ বাবে সংগঠনটোৱে বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰে।
এই পদক্ষেপে সাহিত্য আৰু সমাজ জীৱনৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলক সন্মান জনোৱাৰ লগতে নতুন প্ৰজন্মক ইতিবাচক কামৰ বাবে উৎসাহিত কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।