এণ্টালিয়া, ১৪ নৱেম্বৰ: তুৰস্কৰ এণ্টালিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলন কপ-৩১ত মুকলি মাইক্ৰ’ফোনত ধৰা পৰিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজ আৰু দেশখনৰ জলবায়ু পৰিৱৰ্তন তথা শক্তিমন্ত্ৰী ক্ৰিছ ব’ৱেনৰ মাজৰ অশালীন ধেমালি।

এখন বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে দুয়োগৰাকী নেতাই ব্যক্তিগত অংগ আৰু ম’বাইল ফোনৰ ব্যৱহাৰক লৈ কথা পাতি আছিল। কেমেৰা আৰু মাইক্ৰ’ফোনত এই কথোপকথন বন্দী হোৱাৰ পাছতে ঘটনাটোৱে চৰ্চা লাভ কৰিছে।

এলবানিজে ব’ৱেনক বুকুৰ জেপত ম’বাইল ফোন নাৰাখিবলৈ পৰামৰ্শ দিয়ে। ম’বাইল ফোনৰ তৰংগই হৃদযন্ত্ৰৰ ছন্দত প্ৰভাৱ পেলাব পাৰে বুলি তেওঁ কয়।

“আপোনাৰ পুৰুষাংগৰ বাবেই নেকি?”

ব’ৱেনে বুকুৰ জেপতকৈ পেণ্টৰ জেপত ফোন ৰখাক লৈহে অধিক চিন্তিত বুলি কোৱাৰ পাছত এলবানিজে এই মন্তব্য কৰে। উত্তৰত ব’ৱেনে হাঁহি হাঁহি কয় যে, সেইটোও যথেষ্ট গুৰুত্বপূৰ্ণ আৰু হৃদযন্ত্ৰতকৈও অধিক গুৰুত্বপূৰ্ণ হ’ব পাৰে।

কথোপকথনৰ সময়ত দুয়োগৰাকী নেতাই তেওঁলোকৰ মাইক্ৰ’ফোন সক্ৰিয় হৈ থকাৰ কথা সম্ভৱতঃ লক্ষ্য কৰা নাছিল। ফলত ব্যক্তিগত ধেমালিখিনি ৰাজহুৱাভাৱে সম্প্ৰচাৰিত হয়।

এলবানিজৰ এগৰাকী মুখপাত্ৰই জনায় যে, বৈঠকৰ মাজৰ সময়ছোৱাত দুয়োগৰাকী নেতাই ধেমালি কৰি আছিল।

কপ-৩১ সন্মিলনত অষ্ট্ৰেলিয়াই জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় আলোচনাত নেতৃত্ব দিছে। অৱশ্যে বৃহৎ পৰিমাণে জীৱাশ্ম ইন্ধন ৰপ্তানি কৰি থকাৰ বাবে দেশখনৰ জলবায়ু নীতিক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমালোচনা চলি আহিছে।