জ্ঞানদীপ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উলহ-মালহেৰে শিশু দিৱস উদযাপন
***********************

Newz Now সেৱা, জাগুন ১৪ নৱেম্বৰঃ দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাৰ ১নং লংটংস্থিত জ্ঞানদীপ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলতো উলহ-মালহেৰে পালন কৰা হয় শিশু দিৱস। শিশু দিৱস উপলক্ষে বিদ্যালয়খনত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন সাংস্কৃতিক আৰু মনোৰঞ্জনমূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও শিক্ষাৰ্থীসকলৰ সৈতে এই বিশেষ দিনটো আনন্দ-উল্লাসেৰে উদযাপন কৰে। উল্লেখ্য যে, শিশু দিৱসৰ মূল উদ্দেশ্য হৈছে শিশুসকলৰ অধিকাৰ, শিক্ষা, সুৰক্ষা আৰু সৰ্বাংগীণ বিকাশৰ প্ৰতি সমাজক সজাগ কৰি তোলা। শিশুসকলেই দেশৰ ভৱিষ্যৎ, সেয়েহে তেওঁলোকৰ প্ৰতিভা বিকাশৰ লগতে এখন সুস্থ, সুন্দৰ আৰু শিক্ষিত সমাজ গঢ়াৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা অপৰিসীম।অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ্থীসকলক আনন্দ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ মাজত ভাতৃত্ববোধ, একতা আৰু সৃজনশীল চিন্তাধাৰাৰ বিকাশৰ বাৰ্তাও প্ৰদান কৰা হয়।