সোণাপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াত এজন পথচাৰী ট্ৰাকখনৰ তলত আৱদ্ধ হৈ পৰে। গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখে গৈ থকা ট্ৰাকখনে ৰাজপথ অতিক্ৰম কৰি থকা লোকজনক মহতিয়াই নিয়ে।
আৱদ্ধ লোকজনক সোণাপুৰৰ বাৰুৱাৰীৰ বাসিন্দা বুধিৰাম বড়ো (৫৬) বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ এআৰ০১আৰ৮৫১০ বুলি জানিব পৰা গৈছে।
ঘটনাৰ পাছতে স্থানীয় লোকৰ মাজত হুৱাদুৱা লাগে। ট্ৰাকখনৰ তলত আৱদ্ধ হৈ থকা বুধিৰাম বড়োক উদ্ধাৰৰ বাবে অভিযান চলোৱা হয়।
পৰৱৰ্তী সময়ত তেওঁক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ২৬গৰাকী লোকৰ মৃত্যু হোৱা ঘটনাৰ পাছতে সোণাপুৰৰ এই দুৰ্ঘটনাই ৰাজ্যত পথ সুৰক্ষাক লৈ পুনৰ উদ্বেগ সৃষ্টি কৰিছে।