কাজিৰঙা, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাপৰাত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত দীপক গুৰুঙে প্ৰাণ হেৰুৱাইছে।

জানিব পৰা মতে, অসুস্থ পিতৃৰ বাবে ঔষধ আনিবলৈ দীপক গুৰুঙ চিলনীজানলৈ গৈছিল।

ঔষধ লৈ ঘৰলৈ উভতি অহাৰ পথতে তেওঁ দুৰ্ঘটনাৰ সন্মুখীন হয়।

এই দুৰ্ঘটনাত দীপক গুৰুঙৰ মৃত্যু হয়। ফলত ঔষধ আনিবলৈ ওলাই যোৱা দীপক ঘৰলৈ শৱদেহ হৈ উভতি আহে।

উল্লেখযোগ্য যে শুকুৰবাৰে যোৰহাটৰ পৰা নগাঁও অভিমুখী এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু বিপৰীতমুখী এখন কণ্টেইনাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ নম্বৰ AS 02AC 6690।

কাজিৰঙাৰ মৰ্মান্তিক দুৰ্ঘটনাই কঁপাই গৈছে দেশ। দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পাইছে। মৃত লোকসকলৰ ভিতৰত ১৪ গৰাকী মহিলা, ১১জন পুৰুষ আৰু এটি শিশু আছে। এই দুৰ্ঘটনাত আহত ১৭ গৰাকী লোক বৰ্তমানো JMCHত চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন ৬ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

কাজিৰঙাৰ ৰঙাপৰাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দীপক গুৰুঙে। জানিব পৰা মতে, অসুস্থ পিতৃৰ বাবে ঔষধ আনিবলৈ তেওঁ চিলনীজানলৈ গৈছিল। ঔষধ লৈ ঘৰলৈ উভতি অহাৰ পথতে দুৰ্ঘটনাৰ সন্মুখীন হয় দীপক। অৱশেষত ঔষধ আনিবলৈ ঘৰৰ পৰা ওলাই যোৱা দীপক উভতিল শৱদেহ হৈ।

উল্লেখযোগ্য যে শুকুৰবাৰে যোৰহাটৰ পৰা নগাঁও অভিমুখী এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু বিপৰীত দিশৰ পৰা অহা এখন কণ্টেইনাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছিল এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ নম্বৰ AS 02AC 6690।

এই ভয়াৱহ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পাইছে। মৃতকৰ ভিতৰত ১৪গৰাকী মহিলা, ১১জন পুৰুষ আৰু এটি শিশু আছে। আনহাতে, আহত ১৭গৰাকী লোক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত (JMCH) চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন লোকসকলৰ ভিতৰত ৬গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।