ওদালগুৰি, ১৪ নৱেম্বৰ: ইউপিপিএলৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশনত প্ৰমোদ বড়োক পুনৰ তিনি বছৰৰ বাবে দলটোৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
খাগ্ৰাবাৰীত অনুষ্ঠিত অধিৱেশনখনৰ অন্তিম দিনৰ কাৰ্যসূচীত অংশ লৈ নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে শিক্ষা, অৰ্থনীতিকে ধৰি বড়োলেণ্ডৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। আগন্তুক তিনি বছৰত বিটিচিত ইতিবাচক দৃষ্টিভংগীৰে সামাজিক কাম-কাজ চলাই যোৱাৰ কথাও তেওঁ কয়।
বৰ্তমান ৰাজ্য আৰু বিটিচিত ইউপিপিএল মিত্ৰজোঁটত নাই বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে আগন্তুক উপ-নিৰ্বাচনত তিনিটা সমষ্টিত দলে অকলেই শক্তি প্ৰদৰ্শন কৰিব বুলি ইংগিত দিয়ে।
হাগ্ৰামা মহিলাৰীৰ সমাজ, মানুহ আৰু জাতিৰ প্ৰতি কোনো দায়বদ্ধতা নাই। সেয়ে তেওঁ হাঁহি-ধেমালিৰে সময় পাৰ কৰিছে।
মুকলি সভাত হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি প্ৰমোদ বড়োৱে কয় যে, কেৱল শক্তি দেখুৱাবলৈ টুলুঙা মন্তব্য কৰি কেইজনমান যুৱকক চেকুৰা ঘোঁৰাৰ দৰে ব্যৱহাৰ কৰা হৈছে। ইউপিপিএলৰ নীতি-আদৰ্শ ভাল পোৱা লোকসকল পুনৰ ইউপিপিএল চৰকাৰক আদৰিবলৈ সাজু বুলিও তেওঁ দাবী কৰে।