কাজিৰঙা, ১৫ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ তদন্তত নতুন মোৰ। দুৰ্ঘটনাটোৰ সৈতে জড়িত ট্ৰেভেলাৰখনৰ মালিক অঞ্জিৰ আলীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। বোকাখাত আৰক্ষীয়ে শনিবাৰে নিশা তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দুৰ্ঘটনাত পতিত ট্ৰেভেলাৰখনৰ বিৰুদ্ধে পূৰ্বেও বহুবাৰ যান-বাহন আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। বাহনখনৰ পূৰ্বৰ যান-বাহন আইন উলংঘাৰ ঘটনাসমূহো তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণ আৰু বাহনখনৰ চলাচল সম্পৰ্কীয় তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইফালে, দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে ট্ৰেভেলাৰখনৰ চালক আৰু হেণ্ডিমেনৰ ভিচেৰা পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। দুয়োৰে ভিচেৰা নমুনা অধিক পৰীক্ষাৰ বাবে দিল্লীৰ ফৰেনছিক বিজ্ঞানাগাৰলৈ (FSL) প্ৰেৰণ কৰা হ’ব।

গাড়ী চলাই থকা অৱস্থাত চালক আৰু হেণ্ডিমেনে কোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰিছিল নেকি, সেয়া নিশ্চিত কৰাৰ উদ্দেশ্যে এই পৰীক্ষা কৰা হ’ব। পৰীক্ষাৰ ফলাফলৰ পৰা দুৰ্ঘটনাৰ সময়ত তেওঁলোকৰ শাৰীৰিক অৱস্থা সম্পৰ্কে তথ্য লাভ কৰাৰ আশা কৰা হৈছে।

ইতিমধ্যে ট্ৰেভেলাৰৰ মালিকক গ্ৰেপ্তাৰ আৰু চালক-হেণ্ডিমেনৰ ভিচেৰা পৰীক্ষাৰ সিদ্ধান্তই দুৰ্ঘটনাটোৰ তদন্তক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। আৰক্ষীৰ তদন্ত আৰু ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণ সন্দৰ্ভত অধিক স্পষ্ট তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।