গুৱাহাটী, ১৫ নৱেম্বৰ: অসমত মাধ্যমিক স্তৰৰ নৱম আৰু দশম শ্ৰেণীত বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ১৪.৩ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু এই হাৰ ৰাষ্ট্ৰীয় গড় ৯.৫ শতাংশতকৈ এতিয়াও যথেষ্ট অধিক।

শেহতীয়া ইউডাইছ প্লাছ ২০২৫-২৬ৰ তথ্য অনুসৰি, মাধ্যমিক স্তৰত ৰাজ্যখনৰ ল’ৰা শিক্ষাৰ্থীৰ বিদ্যালয় এৰাৰ হাৰ ১৪.৭ শতাংশ। ছোৱালী শিক্ষাৰ্থীৰ ক্ষেত্ৰত এই হাৰ ১৩.৯ শতাংশ। ফলত এই স্তৰত ল’ৰা শিক্ষাৰ্থীৰ বিদ্যালয় এৰাৰ প্ৰৱণতা তুলনামূলকভাৱে অধিক বুলি তথ্যত প্ৰকাশ পাইছে।

প্ৰাথমিক স্তৰত অসমৰ বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ১.৪ শতাংশ, য’ত ৰাষ্ট্ৰীয় গড় ০.৩ শতাংশ। উচ্চ প্ৰাথমিক স্তৰত ৰাজ্যখনৰ হাৰ ৪.৩ শতাংশ, আনহাতে ৰাষ্ট্ৰীয় গড় ৩.৬ শতাংশ।

উচ্চতৰ মাধ্যমিক স্তৰত নামভৰ্তিৰ ক্ষেত্ৰতো অসমৰ স্থিতি দুৰ্বল। এই স্তৰত ৰাজ্যখনৰ মুঠ নামভৰ্তিৰ অনুপাত ৪৫.১ শতাংশ, আনহাতে ৰাষ্ট্ৰীয় গড় ৬১.৭ শতাংশ। তথ্য অনুসৰি, প্ৰাথমিক স্তৰত নামভৰ্তিৰ ক্ষেত্ৰত অগ্ৰগতি দেখা গ’লেও অষ্টম শ্ৰেণীৰ পাছত শিক্ষাৰ্থীক বিদ্যালয়ত ধৰি ৰখাটো ৰাজ্যখনৰ বাবে এতিয়াও এক ডাঙৰ প্ৰত্যাহ্বান হৈ আছে।