১৫ নৱেম্বৰ: ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া অৰ্থাৎ এছআইআৰক লৈ কংগ্ৰেছৰ বিৰোধিতাৰ সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। কংগ্ৰেছৰ চৰিত্ৰ দুমুখীয়া বুলি তেওঁ মন্তব্য কৰে।

দিলীপ শইকীয়াই কয়, কংগ্ৰেছৰ শাসনকালত এছআইআৰ হ'লে দলটোৱে তাক ন্যায্যতা দিয়ে। কিন্তু বিজেপিয়ে একে প্ৰক্ৰিয়া আৰম্ভ কৰিলে কংগ্ৰেছে বিৰোধিতা কৰে।

“কংগ্ৰেছৰ দিনত এছআইআৰ হ'লে কংগ্ৰেছে তাক ন্যায্যতা দিয়ে। আৰু বিজেপিয়ে এছআইআৰ আনিলে বিৰোধ কৰে। কংগ্ৰেছৰ এইটো দুমুখীয়া চৰিত্ৰ, কংগ্ৰেছৰ দিনতো এছআইআৰ হৈছে।”

এনআৰচিৰ প্ৰসংগও উত্থাপন কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে কংগ্ৰেছক এছআইআৰো নালাগে, এনআৰচিও নালাগে। কংগ্ৰেছে কৰিলে ভাল বুলি কয়, কিন্তু বিজেপিয়ে কৰিলে বিৰোধিতা কৰে বুলিও তেওঁ অভিযোগ কৰে।

দিলীপ শইকীয়াই কয় যে দেশত এতিয়ালৈকে ১২ বাৰ SIR হৈছে আৰু ইয়াৰে ১০ বাৰেই কংগ্ৰেছৰ শাসনকালত হৈছিল। এতিয়া বিজেপিয়ে SIR বিচৰাৰ বাবে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰি দুমুখীয়া চৰিত্ৰ দেখুৱাইছে বুলি তেওঁ অভিযোগ কৰে।

এছআইআৰ প্ৰক্ৰিয়াক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি থকা ৰাজনৈতিক মতবিৰোধৰ মাজতে শইকীয়াৰ এই মন্তব্যই বিষয়টোক পুনৰ চৰ্চালৈ আনিছে।