নতুন দিল্লী, ১৫ নৱেম্বৰ: ৩০০ ঘৰৰ ১৭৩ ঘৰতহে উচ্ছেদ চলাইছে চৰকাৰে।১২৭ খন মানুহ মুছলমান নোহোৱাৰ বাবেই উচ্ছেদ নকৰিলে চৰকাৰে।কেৱল মুছলমানকেই কিয় বাছি বাছি অপবাদ দি উচ্ছেদ কৰিছে অসম চৰকাৰে। অসমৰ উচ্ছেদ অভিযানক লৈ দিল্লীত সৰৱ হৈ পৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানত মুছলমান লোকক লক্ষ্য কৰি লোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে।

আমছুৰ অভিযোগ, অসমত চৰকাৰে বাছি বাছি মুছলমান লোকৰ বাসগৃহ আৰু ভূমিত উচ্ছেদ অভিযান চলাইছে।

একে স্থানতে বিজেপিৰ কাৰ্যালয় থকাৰ পাছতো চৰকাৰে সেই কাৰ্যালয়ৰ বিৰুদ্ধে কোনো উচ্ছেদমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও সংগঠনটোৱে অভিযোগ কৰে।

সংবিধানে দিয়া মৌলিক অধিকাৰ মানৱ অধিকাৰ খৰ্ব কৰিছে মুছলমানৰ পৰা। বাছি বাছি কেৱল মুছলমান মানুহক উচ্ছেদ কৰিছে এইখন বিজেপি চৰকাৰে।উৰিয়াম ঘাটত বিজেপিৰ কাৰ্যালয়ত উচ্চেদ হোৱা নাই ।লুটুমাৰীত ৩০০ ঘৰৰ ১৭৩ ঘৰতহে উচ্ছেদ চলাইছে চৰকাৰে।১২৭ খন মানুহ মুছলমান নোহোৱাৰ বাবেই উচ্ছেদ নকৰিলে চৰকাৰে।কেৱল মুছলমানকেই কিয় বাছি বাছি অপবাদ দি উচ্ছেদ কৰিছে অসম চৰকাৰে।ৰাজধানী দিল্লীত উচ্ছেদক লৈ গৰজি উঠিল আমছু।

উচ্ছেদ অভিযানৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা আৰু নীতিৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আমছুৱে। একে অঞ্চলত থকা বিজেপিৰ কাৰ্যালয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগে উচ্ছেদ অভিযানৰ উদ্দেশ্যক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। অৱশ্যে কোনটো স্থানত বিজেপিৰ কাৰ্যালয় আৰু উচ্ছেদ অভিযানৰ মাজত এই তুলনা কৰা হৈছে, সেই সন্দৰ্ভত বিতং তথ্য উপলব্ধ হোৱা নাই।