শিৱসাগৰ, ১৫ নৱেম্বৰ:

চাৰি মাহ পাছতো বান সাহায্যৰ পৰা বঞ্চিত বহু পৰিয়াল! ১০ লাখ টকাৰ ক্ষতিপূৰণ দাবী অখিল গগৈৰ

১৯ জুলাইৰ বানৰ প্ৰায় চাৰি মাহ উকলি যোৱাৰ পাছতো শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বহু বানপীড়িত পৰিয়ালে চৰকাৰী সাহায্য আৰু ক্ষতিপূৰণ লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে।

বানত ঘৰ-বাৰী, বিচনা, বাচন-বৰ্তনকে ধৰি ঘৰুৱা সা-সামগ্ৰী নষ্ট হোৱাৰ পাছতো বহু পৰিয়ালে প্ৰাপ্য সাহায্যৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে বুলি তেওঁ দাবী কৰে।

গগৈৰ অভিযোগ অনুসৰি, বানপীড়িতসকলৰ বাবে আগবঢ়োৱা ১৫ হাজাৰ টকাৰ সাহায্যৰ পৰা প্ৰায় ২০ শতাংশ লোক এতিয়াও বঞ্চিত হৈ আছে। অৱশ্যে এই দাবীৰ সমৰ্থনত বঞ্চিত পৰিয়ালৰ সংখ্যা বা নামৰ তালিকা তেওঁ ৰাজহুৱা কৰা নাই।

বানপীড়িতসকলক দিয়াৰ কথা কোৱা অতিৰিক্ত ১০ হাজাৰ টকাও এতিয়ালৈকে কোনো লোকে লাভ কৰা নাই বুলি অভিযোগ কৰি এই ধন কেতিয়া আৰু কেনেদৰে বিতৰণ কৰা হ'ব, সেই সন্দৰ্ভত চৰকাৰৰ পৰা স্পষ্ট উত্তৰ বিচাৰিছে তেওঁ। প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়াললৈ ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবীও জনাইছে গগৈয়ে।

১৯ নৱেম্বৰৰ ভিতৰত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাই বিধায়কগৰাকীয়ে কয় যে, অন্যথা শিৱসাগৰত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচী অসমজুৰি বিস্তাৰ কৰা হ'ব।

বান সাহায্য আৰু ক্ষতিপূৰণ বিতৰণৰ ক্ষেত্ৰত এছডিআৰএফৰ নিয়ম অনুসৰি জিলা প্ৰশাসনৰ ভূমিকা থাকে। কোনখন জিলাত কিমান পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে, কিমান পৰিয়ালে ১৫ হাজাৰ টকা লাভ কৰিছে আৰু কিমান পৰিয়াল এতিয়াও সাহায্যৰ অপেক্ষাত আছে, সেই তথ্য ৰাজহুৱা কৰাৰ দাবীও উত্থাপন হৈছে।