অসম, ১৬ নৱেম্বৰ, ২০২৬: ৰাজ্যত পথ দুৰ্ঘটনা ৰোধ আৰু পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি প্ৰতিখন জিলাতে টাস্ক ফ’ৰ্চ গঠন কৰাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে জিলা পৰ্যায়ত নিৰ্দিষ্ট কাৰ্যপন্থা প্ৰস্তুত কৰাৰ কথা কোৱা হৈছে।

বিয়লি ৫ বজাৰ পৰা নিশা ৯ বজালৈ কঠোৰ তালাচী অভিযান চলাই অতিবেগী, বিপজ্জনকভাৱে গাড়ী চলোৱা আৰু মদ্যপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিয়া হৈছে। চালকৰ দক্ষতা আৰু পথ সুৰক্ষাসম্পৰ্কীয় জ্ঞান যথাযথভাৱে পৰীক্ষা কৰিহে ড্ৰাইভিং লাইচেন্স প্ৰদান কৰা হ’ব।

প্ৰতিগৰাকী জিলা আয়ুক্তৰ নেতৃত্বত স্পষ্ট লক্ষ্য আৰু সময়সীমাৰে ‘শূন্য মৃত্যুহাৰ’ৰ লক্ষ্য লৈ জিলা পৰ্যায়ত দুৰ্ঘটনা প্ৰতিৰোধী কাৰ্যপন্থা প্ৰস্তুত কৰা হ’ব। বাৰে বাৰে যান-বাহন আইন উলংঘা কৰা চালকৰ ড্ৰাইভিং লাইচেন্স নিলম্বন কৰাৰ লগতে তেনে বাণিজ্যিক বাহনৰ পাৰ্মিট বাতিলৰ ব্যৱস্থাও থাকিব।

সকলো বাণিজ্যিক বাহনত গতি-নিয়ন্ত্ৰক সঁজুলি সংস্থাপন বাধ্যতামূলক কৰাৰ কথা কোৱা হৈছে। দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহত পথ পাৰ হোৱাৰ ব্যৱস্থা, ট্ৰেফিক ছিগনেল, পৰ্যাপ্ত পোহৰ আৰু ডিভাইডাৰৰ মেৰামতি নিশ্চিত কৰাৰ লগতে প্ৰতিটো দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ চিনাক্ত কৰি পুনৰাবৃত্তি ৰোধৰ বাবে সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

মহিলা আৰু শিশুকে ধৰি প্ৰতিগৰাকী বাইক আৰোহীৰ বাবে হেলমেট পৰিধান নিশ্চিত কৰাৰ নিৰ্দেশনা দিয়া হৈছে। ঘাইপথৰ কাষৰ চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসক, স্বাস্থ্যকৰ্মী, ঔষধ আৰু জৰুৰীকালীন সঁজুলি নিশ্চিত কৰাৰ কথাও উল্লেখ কৰা হৈছে।

পথ সুৰক্ষাৰ দিশত গুৰুত্ব দিয়া নিৰ্দেশনাসমূহ হৈছে—

১. জিলা পৰ্যায়ৰ টাস্ক ফ’ৰ্চ: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি প্ৰতিখন জিলাতে টাস্ক ফ’ৰ্চ গঠন।

২. কঠোৰ তালাচী অভিযান: বিয়লি ৫ বজাৰ পৰা নিশা ৯ বজালৈ তীব্ৰ তালাচী অভিযান চলাই দ্ৰুতবেগী, বিপজ্জনকভাৱে গাড়ী চলোৱা আৰু মদ্যপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ।

৩. অনুজ্ঞাপত্ৰ প্ৰদানত কঠোৰতা: চালকৰ দক্ষতা আৰু পথ সুৰক্ষাৰ জ্ঞান যথাযথভাৱে পৰীক্ষা কৰিহে ড্ৰাইভিং লাইচেন্স প্ৰদান।

৪. ‘জিৰ’ ফেটেলিটি’ লক্ষ্য: প্ৰতিগৰাকী জিলা আয়ুক্তৰ নেতৃত্বত স্পষ্ট লক্ষ্য আৰু সময়সীমাৰে জিলা পৰ্যায়ৰ দুৰ্ঘটনা প্ৰতিৰোধী কাৰ্যপন্থা প্ৰস্তুত।

৫. পুনৰাবৃত্তি কৰা নিয়মভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা: বাৰে বাৰে যান-বাহন আইন উলংঘা কৰা চালকৰ ড্ৰাইভিং লাইচেন্স নিলম্বন।

৬. ঘাইপথত চিকিৎসা সেৱা: ঘাইপথৰ কাষৰ চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসক, স্বাস্থ্যকৰ্মী, ঔষধ আৰু জৰুৰীকালীন সঁজুলি নিশ্চিত কৰা।

৭. স্পীড লিমিট ডিভাইচ: সকলো বাণিজ্যিক বাহনত স্পীড লিমিট ডিভাইচ সংস্থাপন বাধ্যতামূলক কৰা।

৮. দুৰ্ঘটনাপ্ৰৱণ স্থানৰ উন্নয়ন: পথ পাৰ হোৱাৰ ব্যৱস্থা, ট্ৰেফিক ছিগনেল, পৰ্যাপ্ত পোহৰ আৰু ডিভাইডাৰৰ মেৰামতি নিশ্চিত কৰা।

৯. প্ৰতিটো দুৰ্ঘটনাৰ বিশ্লেষণ: দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ চিনাক্ত কৰি পুনৰাবৃত্তি ৰোধৰ বাবে সংশোধনমূলক ব্যৱস্থা গ্ৰহণ।

১০. বাধ্যতামূলক হেলমেট: মহিলা আৰু শিশুকে ধৰি প্ৰতিগৰাকী বাইক আৰোহীৰ বাবে হেলমেট পৰিধান নিশ্চিত কৰা।

১১. বাণিজ্যিক বাহনৰ পাৰ্মিট: বাৰে বাৰে যান-বাহন আইন উলংঘা কৰা বাণিজ্যিক বাহনৰ পাৰ্মিট বাতিলৰ ব্যৱস্থা।

১২. পথ সুৰক্ষা স্বেচ্ছাসেৱক: ঘাইপথৰ কাষৰ বাসিন্দা, ধাবা আৰু হোটেলৰ কৰ্মচাৰীসকলক প্ৰাথমিক চিকিৎসা আৰু জৰুৰীকালীন সঁহাৰিৰ প্ৰশিক্ষণ প্ৰদান। লগতে প্ৰতিবছৰে তেওঁলোকক পুৰস্কৃত কৰাৰ ব্যৱস্থা।

ইয়াৰ উপৰি ঘাইপথৰ কাষৰ বাসিন্দা, ধাবা আৰু হোটেলৰ কৰ্মচাৰীসকলক প্ৰাথমিক চিকিৎসা আৰু জৰুৰীকালীন সঁহাৰিৰ প্ৰশিক্ষণ দিয়া হ’ব। লগতে, তেওঁলোকক প্ৰতিবছৰে পুৰস্কৃত কৰাৰ ব্যৱস্থাও কৰা হ’ব। পথ দুৰ্ঘটনাত প্ৰাণহানি হ্ৰাস কৰাৰ লগতে পথ ব্যৱস্থাক অধিক সুৰক্ষিত কৰি তোলাই এই পদক্ষেপসমূহৰ মূল লক্ষ্য।