ডিমৰীয়া: ডিমৰীয়া প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণৰ চেম্পিয়ন খিতাপ দখল কৰিছে বি এম বয়ছে। ৭ নৱেম্বৰৰ পৰা ডিমৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি সামৰণি পৰে।

আই পি এলৰ আৰ্হিত অনুষ্ঠিত প্ৰতিযোগিতাখনত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছিল। ৰোমাঞ্চকৰ ফাইনেলত ব্ৰাদাৰ্ছ ইউনাইটেডক পৰাস্ত কৰি বি এম বয়ছে চেম্পিয়ন খিতাপ অৰ্জন কৰে।

বিজয়ী দল বি এম বয়ছে নগদ ১ লাখ ২০ হাজাৰ টকা লাভ কৰে। আনহাতে, ৰানাৰ্ছ আপ ব্ৰাদাৰ্ছ ইউনাইটেডে ১ লাখ টকাৰ পুৰস্কাৰ লাভ কৰে।

ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে বি এম বয়ছৰ খেমৰাজ পৌডেলে। শ্ৰেষ্ঠ বলাৰ হিচাপে টেপেছিয়া পেন্থাৰ্ছৰ মাচুম আলীয়ে পুৰস্কাৰ লাভ কৰে।

বি এম বয়ছৰ নয়নজ্যোতি কলিতাই শ্ৰেষ্ঠ বেটাৰৰ সন্মান লাভ কৰে। কন উৰাঙে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ব্ৰাদাৰ্ছ ইউনাইটেডৰ বনজিৎ অধিকাৰীয়ে উদীয়মান খেলুৱৈৰ সন্মান লাভ কৰে।

সামৰণি অনুষ্ঠানত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাস, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।