ইম্ফল, ১৭ নৱেম্বৰ: মণিপুৰৰ ইম্ফল পূব জিলাত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন কাংলেই য়াওল কান্না লুপ (কেওৱাইকেএল)ৰ দুজন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধন দাবীৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।

১৫ নৱেম্বৰত ইম্ফল পূব জিলাৰ নিউ চেকন অঞ্চলত চলোৱা এক অভিযানত দুয়োজনক আটক কৰা হয়। প’ৰমপাট আৰক্ষী থানাৰ অধীনস্থ এলেকাটোত ইম্ফল পূব জিলাৰ চি ডি অ’ আৰু ২৮ মাদ্ৰাজ ৰেজিমেণ্টৰ এটা যুটীয়া দলে অভিযান চলাইছিল।

গ্ৰেপ্তাৰ হোৱা লোক দুজন লাইশ্ৰাম হোমেন সিং ওৰফে কোৰৌ (৪৫) আৰু মইৰাংথেম ৰ’বেন সিং ওৰফে ৰোশন (৫৪)। হোমেন সিঙৰ ঘৰ খোংমান মাংজিল মামাং চপাম লেইৰাকত। ৰ’বেন সিঙৰ ঘৰ কাকচিং জিলাৰ ৱাংগু মামাং ছাবালত। তেওঁ নিউ চেকন অঞ্চলত বাস কৰি আছিল।

নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ জিম্মাৰ পৰা তিনিটা পিষ্টল, তিনিটা মেগজিন, ১৮ জাঁই সজীৱ গুলী, এখন ভুৱা অস্ত্ৰৰ অনুজ্ঞাপত্ৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিছে।

ৰাজ্যখনত ধন দাবীৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে এই গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।