চিব্ৰাগ্ৰে, ১৪ নৱেম্বৰ: মেঘালয়ৰ গাৰো হেৰিটেজ ভিলেজত অনুষ্ঠিত ১০০ ড্ৰামছ ৱাংগালা উৎসৱে গিনিজ বিশ্ব অভিলেখত স্থান লাভ কৰিছে। শনিবাৰে ১,০০০জন পৰম্পৰাগত ঢোলবাদক আৰু ৩,০০০জন নৃত্যশিল্পীয়ে একেলগে প্ৰদৰ্শন আগবঢ়ায়।

তুৰাৰ সমীপৰ চিব্ৰাগ্ৰেত অনুষ্ঠিত গাৰো সংস্কৃতিৰ এই বাৰ্ষিক উৎসৱৰ সোণালী জয়ন্তী বৰ্ষত অভিলেখটো গঢ়া হয়। ১১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া উৎসৱৰ ১৪ নৱেম্বৰৰ সামৰণিৰ দিনা এই প্ৰদৰ্শন অনুষ্ঠিত হয়।

সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতিমন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে কয় যে, গাৰো পাহাৰ অঞ্চলক এক প্ৰধান পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰ মেঘালয় চৰকাৰৰ লগত কাম কৰিবলৈ সাজু।

ৱাংগালা উৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক আকৰ্ষণ হৈ উঠিব পাৰে। নাগালেণ্ডৰ হৰ্ণবিল উৎসৱৰ দৰে থলুৱা উৎসৱে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰ্যটককো আকৰ্ষণ কৰিব পাৰে বুলি শ্বেখাৱতে কয়।

তেওঁ জনায় যে, ৱাংগালা উৎসৱৰ প্ৰচাৰে গাৰো সংস্কৃতিক অধিক লোকৰ মাজলৈ লৈ যাব আৰু স্থানীয় লোকৰ জীৱিকাৰ সুযোগ সৃষ্টি কৰিব। বিশেষকৈ পৰ্যটন, আতিথ্য, হস্তশিল্প আৰু উদ্যোগিতা ক্ষেত্ৰত যুৱচাম উপকৃত হ'ব পাৰে।

সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত এই প্ৰদৰ্শনৰ জৰিয়তে মুখ্যমন্ত্ৰী কনৰাড কে. ছাংমাৰ প্ৰয়াত পিতৃ তথা প্ৰাক্তন লোকসভা অধ্যক্ষ পূৰ্ণ এ. ছাংমাৰ এটি সপোনো পূৰণ হয়। ১১ নৱেম্বৰত উৎসৱৰ উদ্বোধনী অনুষ্ঠানত কনৰাড ছাংমাই তেওঁৰ পিতৃয়ে ১,০০০ ঢোলৰ সৈতে বৃহৎ পৰিসৰত উৎসৱ আয়োজনৰ ইচ্ছা প্ৰকাশ কৰিছিল বুলি স্মৰণ কৰে।

উৎসৱস্থলীত ৩০০ৰো অধিক বিপণীত গাৰো খাদ্য, হাততাঁতৰ সামগ্ৰী, হস্তশিল্প, পৰম্পৰাগত অলংকাৰ আৰু অন্যান্য স্থানীয়ভাৱে নিৰ্মিত সামগ্ৰী প্ৰদৰ্শন কৰা হয়। চাৰিদিনীয়া কাৰ্যসূচীত লোক-অনুষ্ঠান, পৰম্পৰাগত নৃত্য, থলুৱা খেল আৰু বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হয়।

১৯৭৬ চনৰ ডিচেম্বৰত তদানীন্তন পশ্চিম গাৰো পাহাৰ জিলাৰ আসানাংগ্ৰেত প্ৰথমবাৰ এই উৎসৱ আয়োজন কৰা হৈছিল। শস্য চপোৱাৰ পাছত উৰ্বৰতা আৰু সমৃদ্ধিৰ দেৱতা মিছি ছালজঙক কৃতজ্ঞতা জনাই পৰম্পৰাগতভাৱে ৱাংগালা উদযাপন কৰা হয়।