ইম্ফল পূব, ১৮ নৱেম্বৰ: মণিপুৰৰ ইম্ফল পূব জিলাৰ লামলাই-চাল্লৌ অঞ্চলত সেনাৰ এখন বাহন ইটাম নদীত পৰি কেপ্টেইন হনুমান ৰামৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত আন তিনিজন জোৱান আহত হৈছে।
১৮ নৱেম্বৰত সেনা জোৱান কঢ়িয়াই নিয়া বাহনখন নদীত পৰে। দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান চলাই বাহনখনত থকা জোৱানসকলক উদ্ধাৰ কৰি আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।
২৯ বছৰীয়া কেপ্টেইন হনুমান ৰাম গুৰুতৰভাৱে আহত হৈছিল। চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। আহতসকল হৈছে ২৪ বছৰীয়া ছিপাহী মালি জয়েশ হিম্মত, ৩৭ বছৰীয়া ছিপাহী ৰাকেশ ছাৰপাটে আৰু ১৯ বছৰীয়া অগ্নিবীৰ অখিলেশ কুমাৰ শ্বাহ। তিনিওজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনত ৮ম বিহাৰ ৰেজিমেণ্টৰ জোৱানসকল আছিল। আহত জোৱানসকলক বাবিনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে।
বাহনখন কেনেদৰে নদীত পৰিল অথবা দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ কি, সেই বিষয়ে এতিয়ালৈকে স্পষ্ট তথ্য প্ৰকাশ পোৱা নাই।