বিশ্বৰ ৰাজনীতিত বিশেষ গুৰুত্ব লাভ কৰা এক কূটনৈতিক পদক্ষেপ হিচাপে অহা ১৯ নৱেম্বৰত চীনত প্ৰথমবাৰৰ বাবে একেলগে বৈঠকত মিলিত হ’ব চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। চীনৰ বৈদেশিক মন্ত্ৰালয়ে সোমবাৰে এই ত্ৰিপাক্ষিক শীৰ্ষ সন্মিলনৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰে।
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, ১৯ নৱেম্বৰত দক্ষিণ চীনৰ শেনঝেন চহৰত ছি জিনপিঙে ৰাছিয়া আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে ‘চীন-ৰাছিয়া-আমেৰিকা ৰাষ্ট্ৰপ্ৰধানৰ বৈঠক’ত অংশগ্ৰহণ কৰিব। অৱশ্যে বৈঠকত কোনবোৰ বিষয় আলোচনা কৰা হ’ব, সেই সন্দৰ্ভত বেইজিঙে এতিয়ালৈকে কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা নাই।
এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতা (এপেক)ৰ নেতৃবৰ্গৰ সন্মিলনৰ সমান্তৰালভাৱে এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা। ১৮ আৰু ১৯ নৱেম্বৰত এপেকৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে হোৱাইট হাউছ আৰু ক্ৰেমলিনেও তিনিগৰাকী নেতাৰ বৈঠকৰ কথা নিশ্চিত কৰিছিল।
প্ৰতিবেদন অনুসৰি, ট্ৰাম্পে বৈঠকত পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ হ্ৰাস কৰাৰ বিষয়টো উত্থাপন কৰিব বিচাৰিছে। ইৰানৰ সৈতে চলি থকা যুদ্ধৰ বিষয়েও তেওঁ আলোচনা কৰিব পাৰে। অৱশ্যে ইউক্ৰেইন যুদ্ধ এই বৈঠকৰ আলোচনাৰ বিষয় হোৱাৰ সম্ভাৱনা কম বুলি আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতিৰে প্ৰকাশ পাইছে।
আনহাতে, জাৰ্মান ৰাষ্ট্ৰপতি ফ্ৰাংক-ৱাল্টাৰ ষ্টাইনমায়াৰে শেহতীয়াকৈ ছি জিনপিঙৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ কৰি কয় যে ইউক্ৰেইন যুদ্ধক এই বৈঠকৰ বিষয় হিচাপে উত্থাপন কৰাত চীনৰ ৰাষ্ট্ৰপতিয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল। ছিৰ মতে, ইউক্ৰেইন যুদ্ধ ইউৰোপৰ সৈতে জড়িত বিষয় আৰু এই ক্ষেত্ৰত ইউৰোপীয় দেশসমূহৰো আলোচনাত অংশগ্ৰহণৰ সুযোগ থাকিব লাগে।
পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত চীনৰ স্থিতি হৈছে—আমেৰিকা আৰু ৰাছিয়াই প্ৰথমে নিজৰ বৃহৎ পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ হ্ৰাস কৰাৰ পদক্ষেপ ল’ব লাগে। তাৰ পাছতহে চীনে নিজৰ পাৰমাণৱিক অস্ত্ৰৰ বিষয়ত আলোচনাত অংশগ্ৰহণৰ কথা বিবেচনা কৰিব।