বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাক ঘূৰাই পঠিওৱাৰ দাবীৰ মাজতে ভাৰত-বাংলাদেশৰ বন্দী প্ৰত্যৰ্পণ চুক্তিৰ চৰ্তসমূহক লৈ পুনৰ আলোচনা আৰম্ভ হৈছে। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্ৰাইব্যুনেলে মানৱতাবিৰোধী অপৰাধৰ অভিযোগত হাসিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে যদিও তেওঁ অভিযোগ আৰু ৰায় দুয়োটাই নাকচ কৰিছে।
২০২৪ চনৰ ৫ আগষ্টত গণবিক্ষোভৰ মাজতে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ অহা হাসিনা তেতিয়াৰ পৰাই ভাৰতত আছে। বাংলাদেশৰ আইনমন্ত্ৰী আছাদুজ্জামানে ভাৰত-বাংলাদেশৰ বন্দী প্ৰত্যৰ্পণ চুক্তি অনুসৰিয়েই তেওঁক ঘূৰাই পঠিয়াব লাগিব বুলি দাবী কৰিছে। তেওঁৰ মতে, ঢাকাই এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে।
ভাৰত আৰু বাংলাদেশে ২০১৩ চনৰ ২৮ জানুৱাৰীত ঢাকাত বন্দী প্ৰত্যৰ্পণ চুক্তিখনত স্বাক্ষৰ কৰিছিল। সেই বছৰৰ ২৩ অক্টোবৰত চুক্তিখন কাৰ্যকৰী হয়। ২০১৬ চনৰ ২৮ জুলাইত চুক্তিখনৰ ১০(৩) অনুচ্ছেদত সংশোধন অনা হৈছিল।
চুক্তি অনুসৰি, দুয়োখন দেশৰ আইনত কমেও এবছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা থকা অপৰাধ প্ৰত্যৰ্পণযোগ্য। কৰ, ৰাজহ আৰু অৰ্থনৈতিক অপৰাধৰ লগতে অপৰাধ সংঘটনত সহায় বা প্ৰৰোচনা দিয়াৰ ক্ষেত্ৰতো প্ৰত্যৰ্পণৰ অনুৰোধ কৰিব পাৰি। কোনো ব্যক্তিৰ নাগৰিকত্বও প্ৰত্যৰ্পণৰ ক্ষেত্ৰত বাধা নহয়।
অৱশ্যে চুক্তিৰ ৮ নম্বৰ অনুচ্ছেদত প্ৰত্যৰ্পণ নাকচ কৰাৰ কিছুমান ভিত্তি দিয়া আছে। অপৰাধটোৰ প্ৰকৃতি ৰাজনৈতিক বা তুচ্ছ হ’লে, অনুৰোধ লাভ কৰা দেশতে বিচাৰ সম্ভৱ হ’লে, অভিযোগৰ পাছত অত্যধিক সময় পাৰ হ’লে বা অপৰাধটো সামৰিক প্ৰকৃতিৰ হ’লে অনুৰোধ নাকচ কৰিব পাৰি। একেটা অপৰাধৰ বাবে অনুৰোধ লাভ কৰা দেশত বিচাৰ সম্পূৰ্ণ হৈ থাকিলেও পুনৰ প্ৰত্যৰ্পণৰ অনুৰোধ গ্ৰহণ নকৰাৰ ব্যৱস্থা আছে।
কিন্তু হত্যা, অপহৰণ, বেআইনীভাৱে আৱদ্ধ কৰি ৰখা, বিস্ফোৰক বা আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰি আক্ৰমণ, সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু এনে অপৰাধৰ ষড়যন্ত্ৰক ৰাজনৈতিক অপৰাধ বুলি গণ্য কৰা নহয়।
দোষী সাব্যস্ত ব্যক্তিৰ প্ৰত্যৰ্পণ বিচৰাৰ ক্ষেত্ৰত চুক্তিৰ ১০(৪) অনুচ্ছেদ অনুসৰি, দোষী সাব্যস্ত হোৱাৰ প্ৰমাণপত্ৰ, সাজাৰ নথি আৰু বাকী থকা শাস্তিৰ পৰিমাণৰ তথ্য দাখিল কৰিব লাগে। ভাৰত চৰকাৰে এই নথি আৰু চুক্তিৰ আন চৰ্তসমূহ পৰীক্ষা কৰি অতিৰিক্ত তথ্যও বিচাৰিব পাৰে।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰত্যৰ্পণক আইনী বিষয় বুলি উল্লেখ কৰি আইন অনুসৰিয়েই বিষয়টো বিবেচনা কৰা হ’ব বুলি জনাইছে। শেহতীয়াকৈ হাসিনাই ডিচেম্বৰৰ ভিতৰত বাংলাদেশলৈ উভতি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে যদিও কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই।