‘মই হয়তো জীৱিত অৱস্থাত উভতি আহিব নোৱাৰিম’—এই আশংকা প্ৰকাশ কৰি জৰুৰী চিকিৎসাৰ দাবীৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়কে ধৰি দেশখনৰ শীৰ্ষ আদালতসমূহৰ কাষ চাপিছে কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে। কাৰাগাৰত দিনটোত প্ৰায় ২২ ঘণ্টা অকলশৰীয়াকৈ ৰখাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি অভিযোগ কৰিছে তেওঁ।

‘টাইমছ অৱ ইণ্ডিয়া’ৰ প্ৰতিবেদন অনুসৰি, ইমৰান খানে দেশখনৰ ফেডাৰেল সাংবিধানিক আদালত, উচ্চতম ন্যায়ালয় আৰু ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকললৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰিছে। তেওঁৰ অধিবক্তা বেৰিষ্টাৰ ছলমান ছফদৰে ১১ নৱেম্বৰত আদিয়ালা কাৰাগাৰত তেওঁক সাক্ষাৎ কৰাৰ পাছত এই পত্ৰ সামাজিক মাধ্যমত প্ৰকাশ কৰে।

পত্ৰখনত ইমৰান খানে অভিযোগ কৰে যে তেওঁক বাহিৰৰ জগতৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি ৰখা হৈছে। পৰিয়ালৰ লোক, অধিবক্তা, আনকি পুত্ৰসকলৰ সৈতে টেলিফোনত কথা পতাৰো সুবিধা দিয়া হোৱা নাই। কিতাপ আৰু টেলিভিছনৰ সুবিধাৰ পৰাও তেওঁক বঞ্চিত কৰা হৈছে বুলি দাবী কৰে।

তেওঁৰ অভিযোগ অনুসৰি, কাৰাগাৰৰ চিকিৎসা পৰিষদে উদ্বেগৰ কথা উল্লেখ কৰি পৰিয়ালৰ সৈতে অধিক যোগাযোগ আৰু পঢ়াৰ সামগ্ৰী তথা টেলিভিছনৰ সুবিধা দিয়াৰ পৰামৰ্শ দিছিল। কিন্তু সেই পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হোৱা নাই।

ইমৰান খানে লগতে দাবী কৰে যে ১০ নৱেম্বৰত তেওঁৰ ৰক্তচাপ ১৯২ আৰু ১৯৩ পৰ্যায়লৈ বৃদ্ধি পাইছিল। তেওঁৰ সোঁ চকুৰ দৃষ্টিশক্তিৰ ৮৫ শতাংশ হ্ৰাস পোৱা বুলিও অধিবক্তাই পূৰ্বৰ সাক্ষাতৰ সময়ত জানিব পাৰিছিল বুলি পত্ৰখনত উল্লেখ কৰিছে।

পত্নী বুশ্বৰা বিবিৰ স্বাস্থ্যক লৈও উদ্বেগ প্ৰকাশ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে, বুশ্বৰা বিবিৰ চকুত অস্ত্ৰোপচাৰৰ প্ৰয়োজন আৰু উপযুক্ত চিকিৎসা নাপালে স্থায়ীভাৱে দৃষ্টিশক্তি হেৰুওৱাৰ আশংকা আছে।

ইয়াৰ উপৰি ১৮ আগষ্টত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে তেওঁক ইছলামাবাদৰ শ্বিফা ইণ্টাৰনেশ্যনেল হাস্পতাললৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছিল বুলি ইমৰানে দাবী কৰে। কিন্তু সেই নিৰ্দেশ কাৰ্যকৰী কৰা হোৱা নাই বুলি তেওঁ অভিযোগ কৰিছে। আনহাতে, চৰকাৰৰ তথ্য মন্ত্ৰী আত্তাউল্লাহ তাৰাৰে নিৰাপত্তাজনিত কাৰণত চিকিৎসালয়লৈ স্থানান্তৰৰ ব্যৱস্থাত পৰিৱৰ্তন কৰা হৈছিল বুলি জনাইছিল।

উল্লেখ্য, ২০২৩ চনৰ আগষ্টৰ পৰা কাৰাবন্দী হৈ আছে ইমৰান খান। তেওঁৰ বিৰুদ্ধে চলি থকা দুৰ্নীতিৰ গোচৰসমূহত তেওঁ নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে। পাকিস্তান চৰকাৰে অৱশ্যে গোচৰসমূহ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি কৰা তেওঁৰ অভিযোগ অস্বীকাৰ কৰিছে।